ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি - মানিকপুৰত তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক

9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি
9 বজাৰ শীৰ্ষ 10টা বাতৰি
author img

By

Published : May 3, 2022, 9:00 AM IST

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ষড়যন্ত্ৰ কৰি মোক গ্ৰেপ্তাৰ কৰা হৈছিল : জিগনেশ মেৱানী

গুজৰাটৰ পৰা অসমলৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ অহাৰ প্ৰসংগত আজি নতুন দিল্লীস্থিত AICC ৰ মুখ্য কাৰ্যালয়ত বিশেষভাৱে সৰৱতা প্ৰকাশ কৰে দলিত নেতা তথা গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীয়ে (Jignesh Mevani on his arrest by Assam police) ৷

চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাক্ মূহুৰ্তত এক লাখ চাকৰিৰ সন্দৰ্ভত প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰৰ প্ৰথমটো বছৰতে গণি গণি এক লাখ চাকৰি দিব বুলি কৰা ঘোষণা বাস্তৱিক অৰ্থত কাৰ্যকৰী হ'লনে ? এই প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ (Debabrat Saikia questions Sarma government on employment) । ড৹ শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ (First anniversary of Himanta Biswa government) প্ৰাকমুহূৰ্তত এই প্ৰশ্ন তুলিছে বিৰোধী দলপতি গৰাকীয়ে ।

ইউৰোপত জলবায়ু প্ৰতিৰোধী কৃষি প্ৰশিক্ষণ ; নিৰ্বাচিত অসম কৃষি বিশ্ববিদ্যালয়ৰ 10 গৰাকী গৱেষক শিক্ষাৰ্থী

জলবায়ু প্ৰতিৰোধী কৃষি সম্পৰ্কে প্ৰশিক্ষণৰ উদ্দেশ্যে নিৰ্বাচিত দেশৰ সৰ্বমুঠ 16 গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হৈছে ৷ ইয়াৰে অসম কৃষি বিশ্ববিদ্যালয়(Assam Agricultural University)ৰ আছে 10 গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীৰ নাম ৷ ইউৰোপীয় ইউনিয়নৰ ইৰাছমাছ প্ৰাছ আঁচনিৰ অধীনৰ এডাপ্টনেট (Adapt NET) শীৰ্ষক দক্ষতা বৃদ্ধি প্ৰকল্পৰ অধীনত হ’ব এই প্ৰশিক্ষণ শিবিৰ (Agricultural training in Europe) ৷

Eid Ul Fitr 2022: ঈদৰ উছাহত প্ৰভাৱ পেলাইছে সামগ্ৰীৰ আকাশলংঘী দামে

পবিত্ৰ ৰমজান মাহৰ অন্ত পেলাই সমগ্ৰ বিশ্ববাসীৰ লগতে ইছলাম ধৰ্মাৱলম্বী অসমীয়ায়ো মঙলবাৰে উদযাপন কৰিব ঈদ-উল-ফিতৰ (Eid Ul Fitr 2022)৷ ন-জোনে আদৰিব আনন্দৰ মূহুৰ্তক ৷ দৰিদ্ৰজনক এমুঠি অন্নদানৰ পাছতেই ঈদগাহত শিশুৰ পৰা বৃদ্ধলৈকে একত্ৰিত হৈ পঢ়িব নামাজ ৷ মুঠতে মুছলমান সমাজত এতিয়া আয়োজনৰ অন্ত নাই ৷ বিগত দুটা বছৰে কাঢ়ি নিয়া আনন্দখিনি পুনৰুদ্ধাৰৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে মুছলমানসকল ৷

ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

সোমবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত জোনাইৰ উকোমত উদযাপনৰ কৰা হয় ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল 23 সংখ্যক প্ৰতিষ্ঠা দিৱস (Jonai Press Club celebrates 23rd Foundation Day)৷ অনুষ্ঠানত কেইবাজনো জেষ্ঠ সাংবাদিকৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

মানিকপুৰত তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক

শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ এইদৰে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Assam police raid against drugs) অব্যাহত থকাৰ সময়তে মানিকপুৰত আৰক্ষীয়ে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে ৷

কাৰাবন্দীৰ বাবে Dance Therapy

পুডুচেৰী কাৰাগাৰৰ বন্দীসকলৰ বাবে বিশেষ ব্যৱস্থা ৷ বন্দী সকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য (Physical and Mental Health of prisoners ) উন্নত কৰিবলৈ আৰম্ভ কৰা হৈছে নৃত্য চিকিৎসা (Dance Therapy in Puducherry Prison)। পুডুচেৰী কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাল্লাপট্টি অঞ্চলত কেন্দ্ৰীয় কাৰাগাৰত ২৯০ জন কয়েদীৰ সৈতে দুজন মহিলা কয়েদীৰ মাজত কাম কৰা হৈছে।

বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন থলীত মুখ্যমন্ত্ৰী

সোমবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশন (61st session of Bodo Sahitya Sabha at Tamulpur) ৷ তামুলপুৰৰ গৌজন পথাৰত আৰম্ভ হৈছে এই অধিৱেশন ৷ এই অধিৱেশনৰ কাম-কাজ তদাৰক কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কাম-কাজৰ খতিয়ানৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰে মুখ্যমন্ত্ৰীয়ে (CM Visited Tamulpur) ৷

PMAY scheme in Guwahati: গুৱাহাটীত নিৰ্মাণ নহ’ল প্রধানমন্ত্রী আবাস যোজনাৰ এটাও গৃহ

প্রধানমন্ত্রী আৱাস যোজনা(Pradhan Mantri Awas Yojana) আঁচনিৰ ধন বছৰি আৱণ্টিত হৈ আহিছে যদিও আশ্চর্যজনকভাৱে ৰাজ্য চৰকাৰে বিশেষকৈ অসমৰ চহৰ সমূহৰ বস্তি অঞ্চলত এই আঁচনি ৰূপায়ণত চৰমভাৱে ব্যৰ্থ হৈছে । ২০১৭ চনৰৰ পৰা চলিত বৰ্ষলৈ মুঠ পাঁচ হেজাৰ কোটি টকা এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে লাভ কৰিছে । কিন্তু এতিয়ালৈ গুৱাহাটীত বস্তি অঞ্চলৰ গৃহহীন লোকসকলৰ এটাও গৃহ নিৰ্মাণ হোৱা নাই (PMAY scheme in Guwahati) ।

Daylight Robbery in Guwahati: মাছ ব্যৱসায়ীৰ পৰা লুটিলে 28 লাখ টকা

মহানগৰীত পুনৰ দিন ডকাইতিৰ ঘটনা(Daylight Robbery in Guwahati)। সোমবাৰে মহানগৰীৰ লালুংগাঁৱত সংঘটিত হৈছে দিন ডকাইটিৰ ঘটনা । মটৰ চাইকেলেৰে অহা দুই দুৰ্বৃত্তই সত্য নাৰায়ণ ৰায় নামৰ মাছ ব্যৱসায়ীজনৰ পৰা লুটি লৈ যায় ২৮ লক্ষ টকা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.