ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 বাতৰি...

author img

By

Published : Nov 1, 2021, 5:06 PM IST

5 বজাৰ শীৰ্ষ 10 বাতৰি...

5 বজাৰ শীৰ্ষ 10 বাতৰি
5 বজাৰ শীৰ্ষ 10 বাতৰি

লক্ষ্য ৩৩ লাখ : প্ৰদেশ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান আৰম্ভ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যভৰ্তি অভিযান আৰম্ভ । ২০২২ চনৰ ৩১ মাৰ্চলৈকে অব্যাহত থাকিব এই অভিযান । সমগ্ৰ অসমত সৰ্বমুঠ ৩৩ লাখ সদস্য নিজ দলত ভৰ্তি কৰাৰ লক্ষ্য স্থিৰ কৰিছে কংগ্ৰেছে ।

অসমত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ অসমত ভিতৰত কামৰূপ মেট্ৰ’ত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক ৷ ইতিমধ্যে ৰূপনগৰৰ এটা অঞ্চলত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

বিৰক্ত জনতা : উপ নিৰ্বাচনে দি গ’ল কিহৰ ইংগিত

সদ্যসমাপ্ত পাঁচ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত পূৰ্বৰ দৰে হিলদল ভাঙি ভোট দিবলৈ জনতা ওলাই নাহিল । আনকি পাঁচটা সমষ্টিৰ এটাতো ভোটদানৰ হাৰে ৮০ শতাংশ স্পৰ্শ নকৰিলে ৷ অথচ, মাত্ৰ চাৰি মাহ পূৰ্বে হৈ যোৱা বিধানসভা নিৰ্বাচনত এই পাঁচোটা সমষ্টিতে ভোটদানৰ হাৰ আছিল এইবাৰতকৈ অধিক ৷

অৱশেষত ক’ভেক্সিনলৈ অনুমোদন অষ্ট্ৰেলিয়াৰ

অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব ওলোৱা লোকসকলৰ বাবে আহিছে এক সুখবৰ ৷ দেশখনৰ চৰকাৰে অৱশেষত ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা ক’ভেক্সিন প্ৰতিষেধকৰ ক্ষেত্ৰত জনাইছে অনুমোদন ৷ এতিয়াৰে পৰা প্ৰতিগৰাকী পৰ্যটকে বিনাদ্বিধাই ক’ভেক্সিন গ্ৰহণ কৰি যাব পাৰিব অষ্ট্ৰেলিয়ালৈ ৷

ইডিৰ কাৰ্যালয়ত উপস্থিত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ সোমবাৰে প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ৰ কাৰ্যালয়ত হাজিৰ হয় ৷ বলপূৰ্বক ধন দাবী আৰু দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ সন্দৰ্ভত দেশমুখ ইডিৰ কাৰ্যালয়ত উপস্থিত হ’বলগীয়া হয় ৷

কানপুৰত পুনৰ জিকা ভাইৰাছত আক্ৰান্ত 6

উত্তৰ প্ৰদেশৰ কানপুৰৰ চাকেৰী অঞ্চলত পুনৰ ছয়জন ব্যক্তি আক্ৰান্ত হৈছে জিকা ভাইৰাছত ৷ ৰাজ্যখনৰ কিং জৰ্জৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ লেবৰেটৰীত কৰা পৰীক্ষাত চাৰিগৰাকী মহিলাৰ দেহত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰিছে ৷ আক্ৰান্তসকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছে ৷

দিল্লীত বৰ্ধিত ডেংগু ৰোগ নিৰীক্ষণৰ বাবে বিশেষজ্ঞ দল গঠন কৰিব কেন্দ্ৰই

ৰাজধানী দিল্লীত বৰ্ধিত ডেংগু(Dengue) ৰোগ নিৰীক্ষণৰ বাবে এক বিশেষজ্ঞ দল গঠন কৰিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়(Union Ministry)য়ে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ বিদ্যালয়সমূহত সজাগতা অভিযান আৰম্ভ কৰা হ’ব আৰু ডেংগু ৰোগৰ গতিও পৰীক্ষা কৰা হ’ব বুলি এক পৰ্যালোচনা বৈঠকত উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনচুখ মাণ্ডৱিয়া(Union Health Minister Mansukh Mandaviya)ই ৷

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী চাফাৰী

সোমবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ল হাতী চাফাৰী ৷ ৰাইডিং টাৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে হাতী চাফাৰীৰ শুভাৰম্ভ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত ফিটা কাটি হাতী চাফাৰী মুকলি কৰে উদ্যানৰ DFO ৰমেশ গগৈয়ে ।

2022 বৰ্ষৰ পৰা আৰম্ভ হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰম

আগন্তুক বৰ্ষত আৰম্ভ হ’ব নির্মাণকাৰ্য চলি থকা ধুবুৰী চিকিৎসা মহাবিদ্যালয়(Dhubri Medical College)ৰ শৈক্ষিক পাঠ্যক্ৰম । দেওবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজ আৰু সামগ্ৰিক দিশৰ বুজ লৈ এই কথা উল্লেখ কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক অনুপ বৰ্মনে ৷

সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বৈঠক

সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকত সীমা সমস্যাসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.