ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 বাতৰি...

author img

By

Published : Oct 30, 2021, 4:58 PM IST

5 বজাৰ শীৰ্ষ 10 বাতৰি...

5 বজাৰ শীৰ্ষ 10 বাতৰি
5 বজাৰ শীৰ্ষ 10 বাতৰি

ন্যায় পালেনে অভিশপ্ত 30 অক্টোবৰত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালে ?

সন্ত্ৰাস জৰ্জৰ অসমৰ উগ্ৰবাদৰ ইতিহাসৰ এক মচিব নোৱাৰা ক’লা অধ্যায় 30 অক্টোবৰ ৷ আজিৰ এই দিনটোতেই গুৱাহাটী মহানগৰীত হোৱা ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল বহু নিৰীহ লোকে ৷ পিছে ন্যায় লাভ কৰিবলৈ সক্ষম হ’ল বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালে? সবিশেষ জানো আহক ৷

উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ : বিয়লি তিনি বজালৈ 64.3 শতাংশ ভোটদান

ৰাজ্যৰ পাঁচটা সমষ্টিত চলি আছে উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ বিয়লি তিনি বজালৈ 64.3 শতাংশ ভোটদান সম্পন্ন ৷

উন্নয়নৰ স্বাৰ্থতেই ৰাইজে ভোট দিছে বিজেপিক : ৰূপজ্যোতি কুৰ্মী

ভোটগ্ৰহণ কেন্দ্ৰই কেন্দ্ৰই উপস্থিত মৰিয়নী সমষ্টি(Mariani Constituency)ৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi)৷ আন কোনো দলৰ সৈতে বিজেপি দলৰ প্ৰতিযোগিতা নহয় ৷ উন্নয়নৰ স্বাৰ্থতেই ৰাইজে বিজেপিক ভোট দিছে ৷ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বিজেপিৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিছে ৰাইজে ৷ সমষ্টিটোৰ কোনো কোনো কেন্দ্ৰত ৰাইজৰ দল আৰু কংগ্ৰেছৰ টেবুলেই বহা নাই ৷ এয়া বিজেপিৰ বিজয়ৰ অন্যতম লক্ষণ ৷ ভোটকেন্দ্ৰত উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ গোঁসাইগাঁৱত ভোটদান

শনিবাৰে অনুষ্ঠিত ২৮ নং গোঁসাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিপিএফৰ নিৰ্বাচনী প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ ভোটদান ৷ কোকৰাঝাৰৰ বিশুৰাম মেম’ৰিয়েল মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোট প্ৰদান কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ প্ৰায় 20,000-25,000 হেজাৰ ভোটৰ ব্যৱধানত প্ৰাৰ্থীগৰাকী জয়ী হ’ব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে নাৰ্জাৰীয়ে ৷

অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত আটক 4 বাংলাদেশী

অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত চাৰি বাংলাদেশী নাগৰিক(Bangladeshi Citizen) আটক ৷ বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ নৈশ বাছেৰে অসমত প্ৰৱেশ কৰোতেই চূড়াইবাৰী আৰক্ষী(Churaibari Police)য়ে আটক কৰে সন্দেহজনক বাংলাদেশী কেইজনক ৷ আটকাধীন চাৰি বাংলাদেশী মন্দিৰ আক্ৰমণ কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

মৰিয়নীৰ ১২২ নং ভোটকেন্দ্ৰত ভোটাৰৰ লানি নিছিগা শাৰী

মৰিয়নী সমষ্টিত শান্তিপূৰ্ণভাৱে চলিছে ভোটদান প্ৰক্ৰিয়া । সমষ্টিটোৰ চেলেং চাহ বাগিচাত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভোটাৰৰ লানি নিচিগা শাৰী । বাগিচাখনৰ ১২২ নং ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ উৎসাহ ।

থাওৰাৰ দুটাকৈ আদৰ্শ ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া

উপ নিৰ্বাচন(By Election) উপলক্ষে থাওৰা বিধানসভা সমষ্টি(Thowra Constituency)ৰ আঠাবাৰী বাগান প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা হৈছে দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ ৷ 83 নং আৰু 84 নং আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ দুটা স্থাপন কৰা হৈছে বিদ্যালয়খনত ৷ ইফালে সমষ্টিটোৰ 173 টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব 1,15,971 গৰাকী ভোটাৰে ৷

দুদিনীয়া কাৰ্যসূচীৰে উমৰাংচুত অনুষ্ঠিত হ’ব ফেলকন মহোৎসৱ

ফেলকন মহোৎসৱৰ প্ৰস্তুতিত ব্যস্ত ডিমা হাছাওৰ পৰ্যটন বিভাগ ৷ 19-20 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে উমৰাংচুৰ নিউটুংবুং গাঁৱৰ কপিলী হ্ৰদৰ পাৰত অনুষ্ঠিত হ’ব সপ্তম ফেলকন মহোৎসৱ ৷

খানাপাৰাত উদ্ধাৰ ক্ষত-বিক্ষত মহিলাৰ মৃতদেহৰ অৱশিষ্ট

গুৱাহাটীত পুনৰ উদ্ধাৰ মৃতদেহৰ অৱশিষ্ট ৷ শনিবাৰে পুৱাৰ ভাগতে খানাপাৰাৰ উৰণীয়া সেঁতুৰ সমীপতে থকা এটা জাবৰৰ দ’মৰ কাষতে উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ ক্ষত-বিক্ষত মৃতদেহৰ অংশ ৷

সীমান্ত শেখৰৰ কণ্ঠত প্ৰাণ পালে কাংকানে

প্ৰায় তিনি বছৰৰ বিৰতিৰ অন্তত নতুন গীত মুকলি জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰ(Simanta Shekhar)ৰ ৷ ইউ টিউবৰ জৰিয়তে সীমান্ত শেখৰ আৰু কণ্ঠশিল্পী তৰুলতা কুটুম(Tarulata Kutum)ৰ কণ্ঠত মুক্তি লাভ ‘কাংকান’(Kankan) শীৰ্ষক গীতটি ৷ অসমীয়াৰ লগতে মিচিং ভাষাত ফিউজন কৰা হৈছে এই গীতটি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.