ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি
3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Oct 11, 2021, 2:59 PM IST

1.চাবুৱাত বুটমাহত বিষক্ৰিয়া ঘটি চিকিৎসাধীন বহু লোক

চাবুৱা মডেল হাস্পতালত হাহাকাৰ পৰিস্থিতি । হাস্পতালৰ প্ৰতিখন বিচনা ভৰি পৰিছে ৰোগীৰে । অসম চিকিৎসা মহাবিদ্যালয়তো ভৰ্তি কৰা হৈছে বহুকেইজন ৰোগী ৷ পৰিস্থিতি অধিক সংকটজনক হোৱাৰ সম্ভাৱনা । বৃদ্ধি পাই আছে আক্ৰান্ত ৰোগীৰ সংখ্যা ।

2.আন্তঃৰাষ্ট্ৰীয় শিশু কন্যা দিৱস : গ্ৰামাঞ্চলত এতিয়াও চলি আছে বাল্য বিবাহ

সমগ্ৰ বিশ্বতে প্ৰতিদিনে প্ৰায় 33,000 ছোৱালী বিবাহপাশত আৱদ্ধ হয় ৷ প্ৰায় 3,40,000 কিশোৰী আৰু যুৱতী প্ৰতিবছৰে HIV এইডছৰ দৰে মাৰাত্মক ব্যাধিত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় তিনি মিলিয়ন কিশোৰী আৰু যুৱতী এই ৰোগবিধৰ সৈতে সহবাস কৰি আছে ৷ তেওঁলোকে ল’ৰাৰ তুলনাত অধিক শিশু শ্ৰমৰ সন্মুখীন হয় ৷

3.বাংলাদেশত ২৩৭ খন পূজা : শ্বেখ হাছিনাই দিলে ৩ কোটি

কেৱল ভাৰততেই নহয়, শাৰদীয় দুৰ্গা পূজা উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ৷ দেশখনত পূজা উদযাপনৰ বাবে কমিটিসমূহক আৰ্থিক সাহায্য প্ৰদান কৰিলে খোদ প্ৰধানমন্ত্ৰীয়ে ৷

4.বৰষুণ আহিব ! দুৰ্গোৎসৱৰ আনন্দ ম্লান পৰাৰ সম্ভাৱনা

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ কিন্তু এইবেলি বতৰে কিছু প্ৰভাৱ পেলাব পাৰে দুৰ্গাপূজাৰ আনন্দত ৷ পূজাৰ সময়চোৱাতে কোনো কোনো জিলাত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

5.এসপ্তাহত ধাৰাবাহিকভাৱে বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

দেশজুৰি শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ'লৰ মূল্যই ৷ পেট্ৰ’লৰ পাছত এইবাৰ শতকৰ ঘৰৰ দিশে অগ্ৰহৰ হৈছে ডিজেলৰ মূল্য ৷ বিগত এসপ্তাহত যিদৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে, শীঘ্ৰেই যে ডিজেলৰ মূল্যইও শতকৰ ঘৰ অতিক্ৰম কৰিব সেয়া নিশ্চিত ৷

6.এইবাৰ অসমীয়া পৰম্পৰাগত সাজ-পাৰত মা দুৰ্গা

গুৱাহাটী মহানগৰীত অসমীয়া পৰম্পৰাগত সাজ-পাৰ, আ-অলংকাৰত দেখিবলৈ পোৱা গৈছে দেৱী দুৰ্গাৰ প্ৰতিমা । মহানগৰীৰ এগৰাকী মৃৎ শিল্পীয়ে অসমীয়া সাজ পাৰত নিৰ্মাণ কৰিছে প্ৰতিমা । মহানগৰীৰ বিষ্ণুপুৰৰ নিৰ্মল পাল নামৰ মৃৎ শিল্পীগৰাকীয়ে প্ৰায় দুমাহৰ ভিতৰত নিৰ্মাণ কৰিছে দুৰ্গাদেৱীৰ প্ৰতিমা ।

7.লখিমপুৰ খেৰী হিংসাৰ প্ৰতিবাদত কংগ্ৰেছৰ মৌন ব্ৰত

লখিমপুৰ খেৰী হিংসাৰ প্ৰতিবাদত কংগ্ৰেছৰ মৌন ব্ৰতৰ কাৰ্যসূচী গ্ৰহণ ৷ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ পিতৃ তথা কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিক বৰ্খাস্ত কৰাৰ দাবীত সমগ্ৰ দেশতে মৌন ব্ৰতৰ কাৰ্যসূচী লৈছে কংগ্ৰেছে ৷ আশীষ মিশ্ৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে যদিও অজয় মিশ্ৰ তেনিক এতিয়াও বৰ্খাস্ত কৰা হোৱা নাই ৷

8.ক’ভিড মহামাৰী নিঃশেষ হোৱাৰ অৰ্থে নলবাৰীৰ পূজাত 5000 গছি বন্তি প্ৰজ্বলন

দেওবাৰৰে পৰা নলবাৰীৰ বিহামপুৰৰ বাৰোৱাৰী দুৰ্গা মন্দিৰত আৰম্ভ হৈছে দুৰ্গা দেৱীৰ পূজা-অৰ্চনা । পূজাৰ দ্বাৰ মুকলি কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমবাসীলৈ জনাই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা । ৯০ বছৰ গৰকা বিহামপুৰৰ দুৰ্গা পূজাখনিত দেওবাৰে ৰাইজৰ কুশল-মংগল কামনা কৰি ক’ভিড মহামাৰী নিঃশেষ হোৱাৰ অৰ্থে প্ৰজ্বলন কৰা হয় 5000 গছি মাটিৰ চাকি ৷ সম্পূৰ্ণ ক’ভিড প্ৰট'কল পালন কৰি মন্দিৰটোত অনুষ্ঠিত কৰা হৈছে এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱ ।

9.তালিবানক কাৰ্য-কলাপৰ ওপৰত বিচাৰ কৰা হ'ব : আমেৰিকা যুক্তৰাষ্ট্ৰ

তালিবানক ইয়াৰ কথাতকৈ কাৰ্যকলাপৰ ওপৰত বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৷ Doha ত কাবুলৰ জ্যেষ্ঠ তালিবান প্ৰতিনিধিসকলৰ সৈতে আলোচনাৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোৱে তালিবানৰ কাৰ্যকলাপৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

10.ৰামেশ্বৰ তেলীৰ অদ্ভুত মন্তব্যৰ পাছতে দল-সংগঠনৰ প্ৰতিক্ৰিয়া

অসমত পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পাছতেই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰ্বসাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠন ৷ এনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পেট্ৰ’লৰ দাম বৃদ্ধি সন্দৰ্ভত কেতবোৰ মন্তব্য প্ৰকাশ কৰিছিল ৷ ৰামেশ্বৰ তেলীৰ এই মন্তব্যৰ বিৰুদ্ধে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.