ETV Bharat / state

Haridev Tithi Mahotsav : হাজাৰ হাজাৰ বন্তিৰে আলোকিত বৰপেটাৰ বহৰি সত্ৰ - বৰপেটাৰ বহৰি সত্ৰ

হাজাৰ হাজাৰ বন্তি প্ৰজ্বলনেৰে বৰপেটাৰ বহৰি সত্ৰত আয়োজিত মহাপুৰুষ হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ (Haridev tithi Mahotsav at bahari satra)৷ ভক্তসকলে উজাগৰে থাকি ওৰে নিশা বন্তিত আগবঢ়ালে তেল শলিতা ৷

tirovab-tithi-of-haridev-observe-at-bahari-satra-in-barpeta
হাজাৰ হাজাৰ বন্তিৰে আলোকিত বৰপেটাৰ বহৰি সত্ৰ
author img

By

Published : May 30, 2022, 1:46 PM IST

বৰপেটা, 30 মে' : পাঁচদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ বহৰি সত্ৰত আয়োজন কৰা হৈছে অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিজনা মহাপুৰুষৰ অন্যতম মহাপুৰুষ হৰিদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ(Tirovab tithi of Haridev observe at Bahari Satra) ৷ কাৰ্যসূচী অনুসৰি দেওবাৰে বহৰি সত্ৰত অনুষ্ঠিত হয় হৰিদেৱৰ তিৰোভাৱ তিথিৰ গোন্ধ মহোৎসৱ (Haridev tithi mahotsav at bahari satra)৷ গোন্ধ মহোৎসৱ উপলক্ষে দেওবাৰে নিশা বহৰি সত্ৰত ভক্ত আৰু অনুগামীসকলে হাজাৰ হাজাৰ বন্তি প্ৰজ্বলনেৰে বৈষ্ণৱ গুৰুজনাৰ প্ৰতি নিবেদন কৰে অন্তৰৰ শ্ৰদ্ধা ভক্তি ৷

tirovab-tithi-of-haridev-observe-at-bahari-satra-in-barpeta
হাজাৰ হাজাৰ বন্তিৰে আলোকিত বৰপেটাৰ বহৰি সত্ৰ

গোন্ধ মহোৎসৱৰ দিনটোত ভক্তসকলে উপবাসে থাকি সত্ৰৰ কীৰ্তনঘৰত সন্ধিয়াৰ পৰা বন্তি প্ৰজ্বলন কৰে ৷ ভক্তসকলে জ্বলোৱা হাজাৰ হাজাৰ বন্তিৰ মায়াময় পোহৰত উজ্বলি উঠে বহৰি সত্ৰৰ চৌহদ ৷ সন্ধিয়াৰ ভাগত সত্ৰত জ্বলোৱা বন্তিসমূহ ভক্তসকলে উজাগৰে পৰা তেল দি সূৰ্যোদয়ৰ মুহূৰ্তলৈকে জ্বলাই ৰাখে ৷ বহৰি সত্ৰৰ প্ৰতিষ্ঠাতা হৰিদেৱ গুৰুজনাৰ প্ৰতি সেৱা ভক্তি নিবেদনৰ অৰ্থে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত বৈষ্ণৱসকল সত্ৰত সমবেত হৈ বন্তি প্ৰজ্বলন কৰি গুৰুজনালৈ সেৱা আগবঢ়ায় ৷

Haridev Tithi Mahotsav : হাজাৰ হাজাৰ বন্তিৰে আলোকিত বৰপেটাৰ বহৰি সত্ৰ

সম্প্ৰতি হৰিদেৱ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধাৰ চিনস্বৰূপে ওৰে নিশা বন্তি জ্বলাই ৰখাটো গুৰু ভক্তিৰ অনন্য নিদৰ্শন হিচাপে চিহ্নিত হৈছে ৷ সত্ৰীয়া ৰীতি-নীতি, পৰম্পৰা অনুসৰি প্ৰতিবছৰে জেঠ মাহৰ অমাৱশ্যা তিথিত হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷ সেই অনুসৰি সোমবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি হৰিদেৱ গুৰুৰ তিৰোভাৱ তিথি পালন কৰা হয় ৷ এই উপলক্ষে নাম-কীৰ্তনেৰে মুখৰিত হৈ পৰিব হৰিদেৱ গুৰুৰ অনুগামী সত্ৰসমূহ ৷

লগতে পঢ়ক : সংসদ আব্দুল খালেকক ধন্যবাদ জনাইছে মধুপুৰ সত্ৰৰ উপ-সভাপতিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.