ETV Bharat / state

জোনাইত উদযাপন গোৰ্খা জনগোষ্ঠীৰ তিহাৰ উৎসৱ

author img

By

Published : Nov 6, 2021, 1:59 PM IST

জোনাইত উদযাপন নেপালী ভাষিক লোকসকলৰ কৃষিভিত্তিক তিহাৰ উৎসৱ ৷ ৰং-ধেমালি কৰি আনন্দত মতলীয়া হৈছে জোনাইৰ নেপালী ভাষী লোকসকল ৷

tihar festival celebrate
কৃষিভিত্তিক তিহাৰ উৎসৱ উদযাপন

জোনাই, 6 নৱেম্বৰ : এতিয়া উৎসৱৰ বতৰ ৷ উদুলি-মুদুলি হৈ আছে ৰাজ্যৰ চাৰিওকাষৰ পৰিৱেশ ৷ দুৰ্গা পূজাৰ পাচতেই আৰম্ভ হৈছে গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক, সাংস্কৃতিক তথা জাতীয় উৎসৱ তিহাৰ ৷

অসমৰ নেপালী ভাষিক লোকসকলে পালন কৰি অহা এই তিহাৰ উৎসৱ উদযাপন কৰা হয় পাঁচদিনীয়াকৈ ৷ অসমৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ জোনাইতো উদযাপন কৰা হৈছে নেপালী ভাষিক লোকসকলৰ এই বিশেষ উৎসৱটি ৷ গোৰ্খা জনগোষ্ঠীৰ পাঁচদিনীয়াকৈ চলা এই তিহাৰ উৎসৱ শনিবাৰে ভাতৃ দ্বিতীয়াৰ দিনা সামৰণি পৰিব ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে কাউৰী আৰু কুকুৰক পূজা কৰাৰ পাচত এই জনগোষ্ঠীটোৱে পুৱাৰ ভাগত গো-মাতাক পূজা কৰে ৷

কৃষিভিত্তিক তিহাৰ উৎসৱ উদযাপন

লগতে পঢ়ক : সত্ৰ নগৰী মাজুলীত ৰাস মহোৎসৱৰ প্ৰস্তুতি

উৎসৱৰ কাৰ্যসূচী অনুসৰি, সন্ধিয়াৰ ভাগত মা লক্ষ্মীক পূজা কৰাৰ পাচত গোৰ্খা জনগোষ্ঠীৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতী তথা বোৱাৰীসকলে একেলগ হৈ ঘৰে ঘৰে গৈ দেউচী ভেলী গাই ৰং-ধেমালি কৰে ৷ এনে কৰিলে গৃহস্থৰ মংগল হয় বুলি লোকবিশ্বাস আছে ৷ যাৰ বাবে জোনাইৰ প্ৰগতিশীল যুৱক সংঘৰ প্ৰায় পঞ্চাশ জনীয়া যুৱক-যুৱতীৰ এটা দলে ঘৰে ঘৰে গৈ ভেলী গাই গৃহস্থক আশীৰ্বাদ দিয়ে ৷

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই দেউচী ভেলী গোৱাৰ এই পৰম্পৰা পৰৱৰ্তী একাদশীলৈকে চলি থাকিব ৷ তিহাৰ উৎসৱৰ এই পাঁচদিনৰ সময়চোৱাক নেপালী ভাষাত “যম পঞ্চক” বুলি কোৱা হয় ৷

লগতে পঢ়ক : আজি ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক ‘ভাই ফোঁটা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.