জনীয়া, 16 এপ্ৰিল : বৰপেটা জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জাহোৰপামত শুকুৰবাৰে বজ্ৰপাত পৰি এজন লোক নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয় ৷ ঘটনা অনুসৰি, জাহোৰপাম আঞ্চলিক এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুল গফুৰ খানে আবেলি নিজৰ মৰাপাট খেতি চোৱা-চিতা কৰিবলৈ গৈছিল ৷ বজ্ৰপাত পৰি ঘটনাস্থলীতে আব্দুল গফুৰ খানৰ মৃত্যু হয় ৷
আনহাতে, খেতি পথাৰত কাম কৰি থকা আন এজন শ্ৰমিক জচিমউদ্দিন গুৰুতৰভাৱে আহত হয় ৷ লগে লগে দুয়োজনক বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্তি কৰা হয় যদিও চিকিৎসকে আব্দুল গফুৰ খানক মৃত বুলি ঘোষণা কৰে ।
ইফালে, বৰপেটাৰ গাগলমাৰীত একে সময়তে পৰা বজ্ৰপাতত ফুলজান নেছা নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা গুৰুতৰভাৱে আহত হোৱাৰ লগতে বজ্ৰপাত পৰি জ্বলি উঠে এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ । ইয়াকে লৈ তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হয় গাওঁখনত ।
লগতে পঢ়ক : সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান