জনীয়া,৮ জানুৰৱাৰী: সুৰাৰ ৰাগীত দুৰ্ঘটনাত পতিত হৈ ঢলং পলঙকৈ চিকিৎসালয়ত সোমোৱা তিনি বন্ধুৰ নাভূত নাশ্ৰুত কাণ্ড । কোনোবাই যদি দাপোনত মুখখন চাইছে, আন কোনোবাই হাত জোৰ কৰি ক্ষমা খুজিছে(Three Intoxicated Youth entered in Hospital) । মুঠতে দুৰ্ঘটনাত আহত হৈ ছাল-বাকলি এৰালেও সুস্থ হৈ আছে বুলি ভাবিছে তিনি বন্ধুৱে । এজনৰ আকৌ জীৱনৰ প্ৰথম সুৰাপান কৰি দুৰ্ঘটনাত পতিত হোৱাৰ অভিজ্ঞতা হ'ল ।
সৰভোগৰ চকচকাত সংঘটিত হয় পথ দুৰ্ঘটনা(Road accident in Sorbhog) । দুৰ্ঘটনাত পতিত হৈ আহত তিনিগৰাকী যুৱক(Three youths injured in road accident) । নিচাগ্ৰস্ত অৱস্থাত থকা যুৱক কেইজনক অনা হয় কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়লৈ । এম্বুলেঞ্চৰ পৰা নিজেই নামি আহি তিনি নিচাগ্ৰস্ত যুৱকে সৃষ্টি কৰে এক অনাহুত পৰিস্থিতিৰ(Drunker young man in Hospital) । সুৰাৰ ৰাগীত তেওঁলোকৰ ভাষ্য শুনি হাঁহি ৰখাব নোৱাৰিলে কোনেও ।
হাইদৰ আলী নামৰ যুৱকজনে জীৱনৰ প্ৰথম সুৰাপান কৰা বুলি উল্লেখ কৰে । পিছে সুৰাপান কৰিয়ে ভাৰসাম্য হেৰুৱাই সংঘটিত কৰিলে দুৰ্ঘটনা । হাইদৰ আলীৰ ভাষ্য- "মই জীৱনত প্ৰথম বিয়েৰ খাইছো । পেগ মই বুজি নাপাও, দুই গিলাচ খাইছো । মই কন্ট্ৰলত আছো । হাতযোৰ কৰি কৈছো মোক চিলাই নকৰিব । পিছত সিহঁতে খোৱাৰ বাবে মইয়ো খালো । এইটোয়েই ফাষ্ট আৰু এইটোৱেই লাষ্ট আৰু জীৱনত নাখাওঁ ।"
জীৱনত মদ খোৱা নাই, এয়াই প্ৰথম আৰু মদ খায়েই হাস্পতালত ভৰ্তি হব লগা হ'ল হাইদৰ আলী । লগতে মদৰ নিচাত মাতাল হৈ সৰভোগৰ চকচকাত দুৰ্ঘটনা পতিত হ'ল হাইদৰৰ বন্ধু ছৌকাত মিয়া, আব্দুৰ ৰহিমো । আব্দুল ৰহিমে চলাইছিল বাইক । সম্মুখত চাৰিচকীয়া বাহন থকাৰ বাবে ব্ৰেক মৰাৰ ফলতে এই দুৰ্ঘটনা হৈছে বুলি জানিব দিয়ে যুৱক তিনিজনে ।
জানিব পৰা মতে এই তিনিজন যুৱক ক্ৰমে বঙাইগাঁও জিলাৰ চাকলা গাঁওৰ । তিনিওজনে শনিবাৰে সন্ধিয়া সৰভোগ ধাবাত গৈছিল সুৰাপান কৰিবলৈ । নিশাৰ ভাগত সৰভোগৰ পৰা চাকলা অভিমুখে বাইক লৈ গৈ থকা অৱস্থাত চকচকা গাঁৱত সংঘটিত হয় পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত তিনিওজনেই গুৰুতৰভাৱে আহত হয় । পিছমূহুৰ্তত ৰাইজৰ তৎপৰতাত ১০৮ এম্বুলেন্স যোগে কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমান তিনিওজন কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ৰ আলহী ।
লগতে পঢ়ক: Woman body rescued in Jonai: বাসগৃহৰ পৰা গলিত অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ