ETV Bharat / state

Dacoits Arrested in Barpeta Road : বৰপেটাৰোডৰ ডকাইতি কাণ্ডৰ ৩ অভিযুক্তক গ্ৰেপ্তাৰ - Barpeta road firing case

বৰপেটাৰোডৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ৩ অভিযুক্তক গ্ৰেপ্তাৰ (3 dacoits arrested related in Barpeta road robbery) । ব্যৱসায়ীক অস্ত্ৰ দেখুৱাই ৫০ হাজাৰ কৰা লুট কৰা ৩ ডকাইতক গ্ৰেপ্তাৰ বৰপেটাৰোড আৰক্ষীৰ ।

Dacoits Arrested in Barpeta Road
Dacoits Arrested in Barpeta Road
author img

By

Published : Jan 9, 2023, 9:16 PM IST

বৰপেটাৰোডৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ৩ জনক গ্ৰেপ্তাৰ

বৰপেটাৰোড, 9 জানুৱাৰী : বৰপেটাৰোডত ব্যৱসায়ীৰ বুকুত অস্ত্ৰ থৈ 50 হাজাৰ টকা লুটি নিয়া তিনি দুৰ্ধৰ্ষ ডকাইতক বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে (3 dacoits arrested related in Barpeta road robbery) ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ ডকাইত তিনিটা ক্ৰমে শ্ৰীধৰ মণ্ডল, আবু তাহেৰ আৰু খুচী সূত্ৰধৰ ৷

ধৃত ডকাইত তিনিটাৰ পৰা এট পিস্তল, তিনি জাঁই সজীৱ গুলী, মোবাইল ফোন আৰু নগদ 26,500 টকা আৰক্ষীয়ে উদ্ধাৰ কৰে (Barpeta road loot case) ৷ ধৃত ডকাইত শ্ৰীধৰ মণ্ডলৰ ঘৰ বৰপেটাৰোডৰ বালাভিঠাত । শ্ৰীধৰক নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ আনহাতে, আবু তাহেৰ নামৰ ডকাইতটোৰ ঘৰ বৰপেটাৰোডৰ চেঙেলীয়াত ৷ ইফালে খুচী সূত্ৰধৰৰ ঘৰ বৰপেটাৰোডৰ কলহভাংগাত ৷ এই দুয়োটা ডকাইতক বৰপেটাৰোডৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (robbery in Barpeta road hardware shop) ৷

উল্লেখ্য যে, ধৃত ডকাইত তিনিটাই চলিত মাহৰ 6 জানুৱাৰীৰ সন্ধিয়া বৰপেটাৰোড পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ তথা প্ৰাক্তন পৌৰপতি দিলীপ সাহাৰ পুত্ৰ দীপাংকৰ সাহা ওৰফে ডিম্পল সাহাৰ কলহভাংগাস্থিত ৰাধে কৃষ্ণ হাৰ্ডৱেৰত গ্ৰাহকৰ ৰূপত প্ৰৱেশ কৰি গুলী ফুটাই ব্যৱসায়ীজনৰ বুকুত পিস্তল আৰু ডেগাৰ থৈ লুট কৰি নিছিল 50 হাজাৰ টকা ৷

বৰপেটাৰোড আৰক্ষীয়ে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনাৰ ক্ষিপ্ৰতাৰে তদন্ত চলাই এই দুৰ্ধৰ্ষ ডকাইতকেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ইপিনে এই ডকাইতি কাণ্ডত আন চাৰিজন লোক জড়িত থকা বুলি বৰপেটাৰোড আৰক্ষীয়ে তথ্য লাভ কৰিছে । অৱশ্যে উক্ত ডকাইতকেইটা সম্প্ৰতি পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য, ৬ জানুৱাৰীৰ দিনা সৰভোগ দিশৰ পৰা দুখন মটৰচাইকেলেৰে আহি চাৰিটাকৈ অস্ত্ৰধাৰী দুৰ্বৃত্তই ৰাধে কৃষ্ণ হাৰ্ডৱেৰত প্ৰৱেশ কৰে ৷ প্ৰথমতে এজনে গ্ৰাহক হিচাপে প্ৰৱেশ কৰে ৷ তাৰ পাচত মুখমণ্ডল গামোচাৰে মেৰিয়াই আন দুটা অস্ত্ৰধাৰী দুৰ্বৃত্তই ব্যৱসায়িক প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰি ব্যৱসায়ী ডিম্পলৰ বুকুত ডেগাৰ ধৰি দোকানত থকা টকাখিনি দিবলৈ কয় ।

তেনেতে আন এটা দুৰ্বৃত্তই ডিম্পল সাহাৰ বুকুত বন্দুক টোঁৱাই কেছ কাউণ্টাৰত থকা টকাখিনি লুট কৰে ৷ প্ৰতিষ্ঠানখনত দুৰ্বৃত্ত সোমোৱাৰ খবৰ অঞ্চলটোত জনাজাত হোৱাত ব্যৱসায়িক প্ৰতিষ্ঠানখনত আহি ভিৰ কৰেহি স্থানীয় গাঁওবাসীয়ে ৷ তাৰ পিছতে দুৰ্বৃত্তৰ দলটোৱে শূন্যলৈ গুলী ফুটাই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা নিৰ্বিঘ্নে আঁতৰি যায় (Barpeta road firing case) ৷

এই খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় বৰপেটাৰোড আৰক্ষী । আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্ত দলটোৰ বিৰুদ্ধে অভিযান চলায় ৷ অৱশেষত সোমবাৰে তাৰে তিনিটা ডকাইত আৰক্ষীৰ জালত পৰে ।

লগতে পঢ়ক :Protest against constituency delimitation: সমষ্টি বিলুপ্তকৰণৰ প্ৰতিবাদ জনায় ৰাজপথত বহিল সমষ্টিবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.