বৰপেটা,25 মে’: ৰাজ্যত হ্ৰাস হোৱাৰ দিশে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ কিন্তু পূৰ্বৰ তুলনাত হ্ৰাস পোৱা নাই কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত বৰপেটা জিলাত 3 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ যাৰ ফলত জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 68 জনলৈ বৃদ্ধি পাইছে ৷
বৰপেটা জিলা স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, সোমবাৰৰ দিনটোত জিলাখনত সুস্থ হৈ উঠিছে 302 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগী ৷ অৱশ্যে জিলাখনত সোমবাৰে নতুনকৈ 207 জন লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ উল্লেখ্য যে, বৰপেটা জিলাত মুঠ ক'ভিড-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 4,593 জনলৈ বৃদ্ধি পাইছে ৷
সোমবাৰৰ দিনটোলৈকে বৰপেটাত মুঠ 2,369 গৰাকী কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ সোমবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা 2,147 গৰাকী ৷
ইফালে সোমবাৰৰ দিনটোত জিলাখনত পৰীক্ষা কৰা 5,069 জন লোকৰ ভিতৰত 207 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ আনহাতে, বৰপেটা জিলা স্বাস্থ্য বিভাগৰ তথ্যত উল্লেখ কৰা অনুসৰি, সোমবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্তৰ হাৰ 4.08 শতাংশ ।
লগতে পঢ়ক: কলিয়াবৰত ক’ভিড আক্ৰান্তৰ সংখ্যা 969লৈ বৃদ্ধি