ETV Bharat / state

ট্ৰাক হাইজেক কাণ্ডঃ সৰ্থেবাৰীত তিনিজন অভিযুক্তক আটক - ট্ৰাক হাইজেক

২০২০ চনৰ ট্ৰাক হাইজেক কাণ্ডৰে জড়িত থকাৰ অভিযোগত আটক হ'ল বৰপেটাৰ সৰ্থেবাৰীৰ তিনিজন অভিযুক্ত । ধৃত তিনি অভিযুক্ত ক্ৰমে আৰফান খান, চুৰফান খান আৰু ৰৌছান খান । ২০২০ চনৰ ১৫ জুনত সৰ্থেবাৰীৰ মাজদিয়াত সংঘটিত হৈছিল ট্ৰাক হাইজেকৰ ঘটনা ।

THREE ACCUSED ARRESTED IN CONNECTION WITH TRUCK HIJACKING CASE
ট্ৰাক হাইজেক কাণ্ডৰে জড়িত থকাৰ অভিযোগত তিনিজন অভিযুক্তক আটক
author img

By

Published : Jun 22, 2021, 4:06 PM IST

বৰপেটা, ২২ জুন: মঙলবাৰে বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিল ট্ৰাক হাইজেক কাণ্ডৰে জড়িত ৩ জন অভিযুক্ত । ২০২০ চনৰ ১৫ জুনত সৰ্থেবাৰীৰ মাজদিয়াত সংঘটিত ট্ৰাক হাইজেকৰ ঘটনা সংঘটিত হৈছিল । গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্ব আৰক্ষীৰ দলে অভিযান চলাই মংঙলবাৰে পুৱতি নিশা আটক কৰে তিনিও অভিযুক্তক । ধৃত তিনি অভিযুক্ত ক্ৰমে সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়াৰ পশ্চিম পাৰাৰ আৰফান খান, চুৰফান খান আৰু ৰৌছান খান ।

উল্লেখ্য যে, ২০২০ চনৰ ১৫ জুনত মাজদিয়াত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ট্ৰাক হাইজেক কাণ্ড । এই ঘটনাৰ পাছৰে পৰা দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ট্ৰাক হাইজেকত অভিযুক্ত ধৃত ব্যক্তিকেইজন । গুৱাহাটীৰ পৰা অহা মালভৰ্তি এ এচ ০১-এইচ চি- ৪০৯০ (AS01-HC- 4090)নম্বৰৰ ট্ৰাকখন হাইজেক কৰিছিল দুৰ্বত্তৰ দলে । ২০২০ চনৰ ১৫ জুনত মাজদিয়া আৰক্ষীয়ে মাজদিয়াত উদ্ধাৰ কৰিছিল হাইজেক হোৱা ট্ৰাকখন ।

ট্ৰাক হাইজেক কাণ্ডটোৰ লগত জড়িত থকাৰ অভিযোগত ইয়াৰ পূৰ্বে ৬ গৰাকী দুৰ্বত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতে আটাইকে জে'ললৈ প্ৰেৰণ কৰিছিল । পূৰ্বতে গ্ৰেপ্তাৰ হোৱা দুৰ্বত্ত ৬টা ক্ৰমে হাইজেক কাণ্ডটোৰ মূল মাষ্টৰমাইণ্ড আলতাফ খান, ট্ৰাকখনৰ চালক চহিদুল ইছলাম, আমজাদ আলী, জাকিৰ আলী, ফুলচান খান আৰু ৰশ্মিল আলী । ট্ৰাক হাইজেক কাণ্ডটোৰ লগত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈ ৯ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মাজদিয়া আৰক্ষীয়ে ।

এই সন্দৰ্ভত সৰ্থেবাৰী থানাত ২০৭/২০২০ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৩৯৫ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে । বৰ্তমান আৰক্ষীয়ে অভিযুক্তৰ জেৰা অব্যাহত ৰাখিছে । শীঘ্ৰেই ট্ৰাক হাইজেক কৰা সন্দৰ্ভত প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে আশা ব্যক্ত কৰে ।

লগতে পঢ়ক:দলঙৰ অভাৱত মাক্ৰা নৈ ওপৰেৰে বিপদসংকূল যাত্ৰা গঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.