বৰপেটা,২ আগষ্ট: উৎসৱ হৈছে শান্তি, সম্প্ৰীতি আৰু ঐক্যৰ প্ৰতীক ৷ শনিবাৰে ইছলামধৰ্মীয় লোকসকলৰ পবিত্ৰ ঈদ উজ জোহাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷ ঘটনাৰ স্থান হৈছে বৰপেটা জিলাৰ সৰ্থেবাৰী ৷ সৰ্থেবাৰীৰ বৰমাৰা গাঁৱত ঈদৰ কোৰবানিৰ বাবে গৰু চুৰিৰ ঘটনা সংঘটিত হোৱাৰ পিছতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি, গাঁৱখনৰ বাসিন্দা ক্ৰমে চুলতান আলী আৰু বচু আলীৰ ঘৰৰ পৰা কোৰবানিৰ উদ্দেশ্যে চাৰি যুৱকে চুৰি কৰে দুটা গৰু ৷ পিছে কপাল বেয়া আছিল যুৱক কেইগৰাকীৰ ৷ দুৰ্ভাগ্যক্ৰমে গৰু চুৰি কৰাৰ পিছতে গাঁৱবাসীৰ হাতত কৰায়ত্ত হয় যুৱক কেইগৰাকী ৷ ৰাইজে কৰায়ত্ত কৰা যুৱকৰ দলটোৰ পৰা এগৰাকী যুৱকে পলায়ন কৰে যদিও বাকী তিনিগৰাকীক ৰাইজে উত্তম-মধ্যম শোধায় ৷
অৱশেষত ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে যুৱক কেইগৰাকীক ৷ দেওবাৰে স্থানীয় গাঁৱবাসীয়ে সৰ্থেবাৰী থানাত ঘটনা সন্দৰ্ভত ৰুজু কৰে এক গোচৰ ৷ উক্ত গৰু চুৰিৰ ঘটনাত বৰমাৰা গাঁৱৰ ৰাহিদুল ইছলাম, ইমৰানুল আলী, কাচেম আলী আৰু ভোগদিয়া গাঁৱৰ জামিৰুল আলী জড়িত থকাৰ কথা জানিব পৰা গৈছে ৷