ETV Bharat / state

Theft in Kalgachia: কলগাছিয়াত একে নিশাই তিনিটা ঘৰত চুৰিকাণ্ড - চোৰৰ হেট্ৰিক

কলগাছিয়াৰ চানপুৰ আৰু সোনাপুৰ ৰুভী গাঁৱত চোৰৰ হেট্ৰিক । একে নিশাই তিনিটা ঘৰত চুৰিকাণ্ড ৷ এই সন্দৰ্ভত ভুক্তভোগীয়ে ইতিমধ্যেই থানাত দাখিল কৰিছে এজাহাৰ ।

Theft in Kalgachia
কলগাছিয়াত একে নিশাই তিনিটা ঘৰত চুৰিকাণ্ড
author img

By

Published : Nov 20, 2022, 2:29 PM IST

কলগাছিয়া, 20 নৱেম্বৰ: কেৱল ক্ৰিকেট খেলতে হেট্ৰিক অৰ্জন কৰিব পাৰি । কিন্তু এইবাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোণাপুৰ ৰুভী গাঁৱত চোৰে অৰ্জন কৰিলে হেট্ৰিক ৷ শনিবাৰে নিশা চোৰে তিনিটা ঘৰত চুৰিকাণ্ড সংঘটিত কৰি হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চানপুৰত চোৰৰ উপদ্ৰৱ। দিনক দিনে চানপুৰত বৃদ্ধি পাইছে চুৰিকাণ্ড ৷ চোৰৰ উপদ্ৰপে এতিয়া ত্ৰাহি মধুসূদন সোধাইছে সাধাৰণ ৰাইজক । চোৰে একে নিশাই হেট্ৰিক মাৰিলে চানপুৰত । শনিবাৰে নিশা কলগাছিয়াৰ বালিকুৰি আৰক্ষী চকীৰ নিচেই কাষত চানপুৰ গাঁৱত তিনিটা ঘৰত সংঘটিত হয় চুৰিকাণ্ড । চানপুৰ গাঁৱৰ আনোৱাৰা খাতুন, আব্দুছ ছালামৰ সমান্তৰালকৈ ৰুভি গাঁৱৰ চাইফুল ইছলামৰ ঘৰত চোৰে চলালে ছাফাই অভিযান ।

কলগাছিয়াত একে নিশাই তিনিটা ঘৰত চুৰিকাণ্ড

জানিব পৰা দিয়া মতে, আনোৱাৰা খাতুনৰ ঘৰৰ দৰ্জা ভাঙি প্ৰায় ৮০ হাজাৰ টকা লগতে সোণৰ আ-অলংকাৰ চুৰি কৰি লৈ যায় । লগতে একে গাঁৱৰে আব্দুৰ ছালামৰ ঘৰৰ দৰ্জা ভাঙি প্ৰায় ৪০ হাজাৰ টকাৰ লগতে সোণৰ আ-অলংকাৰ লুটি নিয়ে । আনফালে ৰুভি গাঁৱৰ ছাইফুল ইছলামৰ ঘৰৰ পিছফালে হিন্ধি খান্দি ভিতৰত প্ৰৱেশ কৰি নগদ ৬০ হেজাৰ টকা আৰু সোণৰ আ-অলংকাৰ চোৰে লুটি নিয়ে । এই সন্দৰ্ভত ভুক্তভোগীয়ে ইতিমধ্যেই থানাত দাখিল কৰিছে এজাহাৰ ।

লগতে পঢ়ক: Cattle Thief in Lakhimpur: গৰুৰ পঘাৰে গৰু চোৰক গছত বান্ধি থ’লে গঞাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.