ETV Bharat / state

সান্ধ্য আইনৰ সুযোগতে বৰপেটাৰোডত চোৰৰ লুটপাত - Theft at Barpetaroad

ক'ভিড আতংকৰ মাজতে বৰপেটাৰোডত সক্ৰিয় হৈছে চোৰৰ চক্ৰ ৷ শনিবাৰে নিশা বৰপেটাৰোডৰ 9 নম্বৰ ৱাৰ্ডত চোৰে চলালে লুটপাত ৷

বৰপেটাৰোডত চোৰৰ লুটপাত
বৰপেটাৰোডত চোৰৰ লুটপাত
author img

By

Published : Jul 18, 2021, 10:56 PM IST

বৰপেটাৰোড, 18 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে জাৰি কৰা কৰা ক'ভিড নীতি আৰু সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি সৰৱ একাংশ দুষ্ট লোক ৷ যাৰ প্ৰতিদিনেই বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনা ৷ ইয়াৰ মাজতে শনিবাৰে নিশা বৰপেটাৰোডৰ 9 নম্বৰ ৱাৰ্ডৰ এজন ব্যক্তিৰ বাসগৃহত চোৰে চলালে লুটপাত ৷ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

প্ৰাপ্ত খবৰ মতে, বৰপেটাৰোডৰ 9 নম্বৰ ৱাৰ্ডৰ হীৰালাল ৰাজভৰৰ ঘৰত এই লুটপাত চলাই চোৰে ৷ চোৰে ঘৰৰ এটা আলমিৰা ভাঙি সোণৰ অলংকাৰ, ৰূপৰ অলংকাৰ, সোণৰ আঙুঠি, এটা ম’বাইল হেণ্ডচেটসহ নগদ 4 হাজাৰ টকা লুট কৰি নিয়ে ৷ চুৰি হোৱা সামগ্ৰীখিনিৰ আনুমানিক মূল্য প্ৰায় তিনি লাখ টকা ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে পৰিয়ালটো ৷

শনিবাৰে নিশা হীৰালাল ৰাজভৰৰ পত্নী শান্তি ৰাজভৰে দুই সন্তানৰ সৈতে ঘৰত আছিল ৷ সেই সুযোগতে চোৰে পিছফালৰ দৰ্জা ভাঙি ঘৰত প্ৰৱেশ কৰি লুটপাত চলায় ৷ হীৰালাল ৰাজভৰৰ ৰূমৰ কাষতে থকা ভাতৃ নন্দলাল ৰাজভৰৰ ৰূমটোতো চোৰে প্ৰৱেশ কৰি কিছু নগদ ধন লুট কৰি নিয়ে ৷

নন্দলাল ৰাজভৰ অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত এজন আৰক্ষী ৷ চুৰিৰ ঘটনা সংঘটিত হোৱাৰ পাছত শান্তি ৰাজভৰে বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ উক্ত ঘটনাৰ পিছত দিনৰ প্ৰায় তিনি বজালৈকে আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে মহিলাগৰাকীয়ে ৷

লগতে পঢ়কঃ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদস্থলীত ড৹ সমুজ্জ্বল ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.