জনীয়া, 3 অক্টোবৰ : আৰক্ষী তথা গাঁওবাসীৰ চকুত ধুলি মাৰি শনিবাৰে নিশা বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চেনিমাৰী গাঁৱৰ দুটাকৈ পৰিয়ালত চোৰে চলালে লুটপাত ৷ দক্ষিণ চেনিমাৰী গাঁৱৰ আব্দুৰ ৰহমান আৰু উত্তৰ ৰামপুৰ গাঁৱৰ তাহেৰ আলীৰ ঘৰত নিশা চোৰে সিন্ধি খান্দি ঘৰৰ ভিতৰৰ প্ৰৱেশ কৰি নগদ 1 লাখ 31 হাজাৰ টকা চুৰি কৰি নিয়ে ৷ লগতে সোণৰ চেইন, ৰূপৰ চেইন, আন আন সামগ্ৰী সহ প্ৰায় তিনি লক্ষাধিক টকাৰ সা-সামগ্ৰীয়ো চুৰি কৰি নিয়ে চোৰে ৷
এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বৃহত্তৰ দক্ষিণ চেনিমাৰী আৰু উত্তৰ ৰামপুৰ অঞ্চলত আই পি এল, মদ, জুৱা, ভাং আদি গ্ৰাস কৰাৰ ফলত সঘনাই এনেকুৱা ঘটনা বৃদ্ধি পাইছে বুলি সচেতন ৰাইজে প্ৰকাশ কৰিছে ৷ ঘটনা সংক্ৰান্তত মেৰেৰচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে ৷ অতি শীঘ্ৰে অবৈধ মদ, জুৱা, ভাং আৰু আই পি এলৰ জোৱা বন্ধ কৰাৰ লগতে চোৰক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে ৰাইজে ৷
একেদৰে জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰীত শুকুৰবাৰে নিশা অনুৰূপ পদ্ধতি অৱলম্বন কৰি মোকবুল হুছেইন ঘৰত চোৰে চলালে লুটপাত ৷ মোকবুল হুছেইন ঘৰত সিন্ধি খান্দি প্ৰায় ২ লক্ষাধিক টকাৰ সা-সামগ্ৰী চুৰি কৰি নিয়ে চোৰে ৷
লগতে সোণৰ চেইন, ৰূপৰ চেইন, মোবাইল আৰু আন আন সামগ্ৰীয়ো চুৰি কৰি নিয়ে নিয়ে ৷ এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা সংক্ৰান্তত মেৰেৰচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে ৷ লগতে ঘটনাত জড়িত থকা চোৰক অচিৰেই বিচাৰি উলিয়াই কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে ৷
লগতে পঢ়কঃ Police Custody ত শ্বেৰমান : স্বাস্থ্যৰ সেৱাৰ বিশেষ ব্যৱস্থাৰ নিৰ্দেশ আদালতৰ