জনীয়া,3 মাৰ্চ: যিসময়ত ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ আমোল পৰিৱৰ্তনৰ কথা কৈ আহিছে সেই সময়তে বৰপেটাৰ কেইখনমান বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰ ৷ মন গ'লেহে বিদ্যালয়লৈ আহে শিক্ষক ৷ মন নগ'লে বিদ্যালয়লৈ অহাৰ কথা পাহৰিয়ে যায় জনীয়া সমষ্টিৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বহু কেইখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৷
মঙলবাৰে অভিভাৱকৰ অভিযোগৰ ভিত্তিতে জনীয়াৰ কেইজনমান সাংবাদিকে বিদ্যালয় কেইখনলৈ যায় যদিও কোনো এজন শিক্ষক উপস্থিত নাছিল বিদ্যালয়কেইখনত ৷ কোনোৱে যদি শিল-বালি কিনাত ব্যস্ত, কোনোৱো আকৌ আঙুলি কটাৰ বাবেই অহা নাই বিদ্যালয়লৈ ৷ মুঠতে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলি আছে ১৩৪৯ নং ভেৰা প্ৰাথমিক বিদ্যালয়, মজিদ ভিটা দক্ষিণ প্ৰাথমিক বিদ্যালয় আৰু ৪১১ নং আলিপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৷
বাৰাম্বাৰ অভিভাৱক সকলে শিক্ষকসকলক সঠিক ৰূপে পাঠদান কৰিবলৈ আহ্বান জনাই আহিছে যদিও মইমতালিৰে চলাই আছে শিক্ষাদান কাৰ্য ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে অভিভাৱক সকল ৷ অতি শীঘ্ৰে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলা বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন স্তৰৰ ৰাইজে ।
লগতে পঢ়ক: শিৱসাগৰত অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ ৰাইজৰ দলৰ নেতৃত্বৰ