জনীয়া,21 এপ্ৰিল : সমগ্ৰ বিশ্বব্যাপি ক'ৰণা ভাইৰাছে আতংকময় পৰিবেশ সৃষ্টি কৰাৰ সময়তে বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে কলগাছিয়া বজাৰকে আদি কৰি সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ আহ্বান জনায় ।
উল্লেখযোগ্য যে কৰণা ভাইৰাছৰ প্ৰতি সজাগতাৰ সৃষ্টিৰ লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে কলগাছিয়া বজাৰত সজাগ কৰি তোলে প্ৰশাসনে । জিলা প্ৰশাসনে সকলো ৰাইজক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়। অন্যাথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
সকলোকে জিলা প্ৰশাসনৰ তৰফৰ পৰা ঘৰৰ পৰা বাহিৰলৈ যাওঁতে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনায়,অন্যথা ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এহেজাৰ টকা জৰিমনা বিহা হ'ব। লগতে ব্যৱসায় সকলে গ্ৰাহক সকলৰ মাজত ৬ ফুট দূৰত্ব বজায় ৰখাটো বাঞ্ছনীয়। অন্যথা এই নিয়ম উলংঘা কৰিলে উক্ত ব্যৱসায় প্ৰতিষ্ঠানসমূহ প্ৰকাশনে বন্ধ কৰিবলৈ বাধ্য হ'ব।
লগতে পঢ়ক: ক’ভিডৰ বাবে বন্ধ হ’ল ছিপাঝাৰ জাতীয় বিদ্যালয়