- বৰপেটা মেডিকেল কলেজ হাস্পতালত উত্তপ্ত পৰিস্থিতি
- এগৰাকী আশাকৰ্মীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ হাস্পতালখনৰ চিকিৎসকৰ বিৰুদ্ধে
- ঘটনাক কেন্দ্ৰ কৰি আশাকৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া (Tense situation at BMCH)
- দোষী চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী আশাকৰ্মীৰ (Doctors allegedly beat up an ASHA worker)
- এই সন্দৰ্ভত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ আৰু অধীক্ষকৰ লগতে জিলা উপায়ুক্তৰ ওচৰত দাখিল অভিযোগ
- এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে হাস্পতালখনলৈ আহিছিল মৰিয়ম নেচা নামৰ আশাকৰ্মীগৰাকী
- পিছে গৰ্ভৱতী মহিলাৰগৰাকীৰ চিকিৎসা নকৰি অভব্য আচৰণৰ লগতে প্ৰহাৰৰ অভিযোগ ডাঃ কৌশিক নামৰ চিকিৎসকজনৰ বিৰুদ্ধে
- আনকি আশাকৰ্মীগৰাকীৰ লগতে গৰ্ভৱতী মহিলাগৰাকী আৰু ৰোগীৰ মাতৃকো প্ৰহাৰৰ অভিযোগ চিকিৎসজনৰ বিৰুদ্ধে
- ইপিনে চিকিৎসকজনে প্ৰায়ে ৰোগী আৰু ৰোগীৰ পৰিচৰ্যা কৰি থকা আত্মীয়কো অভব্য আচৰণ কৰাৰ অভিযোগ একাংশ ভুক্তভোগীৰ