বৰপেটা, 29 ছেপ্তেম্বৰঃ মঙলবাৰে বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত স্থায়ী নিযুক্তিৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অস্থায়ী পাম্প অপাৰেটৰসকলে ৷ জানিব পৰা মতে, ৰাজ্যৰ গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে প্ৰতিখন গাঁৱতেই খোৱা পানী যোগান আঁচনি স্থাপন কৰিছিল ৰাজ্য চৰকাৰে ৷ কিন্তু পানী যোগান আঁচনিসমূহত কৰ্মৰত পাম্প অপাৰেটৰসকলৰ নিযুক্তিৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ৷ যাৰ পৰিপ্ৰক্ষিতত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অস্থায়ী পাম্প অপাৰেটৰসকলে ৷
অপাৰেটৰসকলৰ অভিযোগ, গ্ৰামাঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে একাংশ লোকে পানী যোগান আঁচনিসমূহ স্থাপনৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক স্ব-ইচ্ছাই মাটিও দান কৰিছিল ৷ পৰিয়ালসমূহৰ দাবী আছিল পানী যোগান আঁচনিসমূহ কাৰ্যক্ষম কৰাৰ বাবে ভূমি দান কৰা পৰিয়ালসমূহৰ এজনক প্ৰয়োজনীয় পাম্প অপাৰেটৰ চাকৰিত নিযুক্তি প্ৰদান কৰিব ৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইয়ে যে, বিগত 15-20 বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়াই অহাৰ পিচতো তেওঁলোকৰ নিযুক্তিৰ নামত চৰকাৰে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ আনহাতে, অস্থায়ী কৰ্মচাৰীক স্থায়ী নিযুক্তিৰ দাবীত 2 অক্টোবৰৰ পৰা 8 দিন জোৰা অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সদৰি কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়কঃ"বিটিচি বিটিআৰ হৈছে বুলি ওলোৱা নিৰ্দেশনা সাংবিধানিক নহয়" : হাগ্ৰামা মহিলাৰী