ETV Bharat / state

একাউন্ট খোলাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লুট শিক্ষকৰ - Teacher alleged of corruption

ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ এগৰাকী শিক্ষকৰ বিৰুদ্ধে (Teacher alleged of corruption) । অভিযোগ অনুসৰি প্ৰায় ডেৰ বছৰ পূৰ্বে হালধীয়া এম ই মাদ্ৰাছাৰ বিজ্ঞান শিক্ষক ছামছুল আলমে নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ পৰা ছাত্ৰ বৃত্তিৰ একাউণ্ট খুলি দিয়াৰ নামত ২০০ টকাকৈ সংগ্ৰহ কৰিছিল । কিন্তু ডেৰ বছৰ পাৰ হৈ যোৱাৰ পিছতো বিজ্ঞান শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক দিব নোৱাৰিলে বেংক একাউণ্ট (Teacher alleged of taking bribe)।

kalgachia teacher corruption
একাউন্ট খোলাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লুট শিক্ষকৰ
author img

By

Published : Mar 17, 2022, 2:26 PM IST

কলগাছিয়া, ১৭ মাৰ্চ: শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিক কালিমা সনাৰ অভিযোগ এজন শিক্ষকৰ বিৰুদ্ধে । ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ এগৰাকী শিক্ষকৰ বিৰুদ্ধে (Teacher alleged of corruption) । অভিযোগ অনুসৰি প্ৰায় ডেৰ বছৰ পূৰ্বে হালধীয়া এম ই মাদ্ৰাছাৰ বিজ্ঞান শিক্ষক ছামছুল আলমে নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ পৰা ছাত্ৰ বৃত্তিৰ একাউণ্ট খুলি দিয়াৰ নামত ২০০ টকাকৈ সংগ্ৰহ কৰিছিল ।

কিন্তু ডেৰ বছৰ পাৰ হৈ যোৱাৰ পিছতো বিজ্ঞান শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক দিব নোৱাৰিলে বেংক একাউণ্ট (Teacher alleged of taking bribe)। এই অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে । ছাত্ৰী-ছাত্ৰী আৰু অভিভাৱকে অভিযোগ কৰাৰ পিছত বিজ্ঞান শিক্ষক ছামছুল আলমেও কৰিছে সকলো স্বীকাৰ । শিক্ষকজনৰ হাতত জমা আছে মাত্ৰ ২৬ হাজাৰ টকা ।

কলগাছিয়াত শিক্ষকৰ বিৰুদ্ধে ধন লুটৰ অভিযোগ অভিবাৱক তথা ছাত্ৰ-ছাত্ৰীৰ

উক্ত ছাত্ৰ বৃত্তিৰ একাউন্টৰ দায়িত্ব ল’বলৈ প্ৰধান শিক্ষক আলী হুছেইনক বাৰে বাৰে বাধা আৰোপ কৰাৰ পিছতো দায়িত্ব ল’লে এইজন বিজ্ঞান শিক্ষক ছামছুল আলমে । অৱশ্যে বিজ্ঞান শিক্ষক ছামছুল আলমে দায়িত্ব লোৱাৰ পিছত উক্ত কার্যক সহযোগ কৰিছে প্ৰধান শিক্ষক আলী হুছেইনে ।

ছাত্ৰ বৃত্তিৰ একাউন্টৰ খুলি দিয়াৰ নামত প্ৰায় ডেৰ বছৰ পূৰ্বে ধন সংগ্ৰহ কৰি অভিভাৱকক একাউন্ট দিব নোৱাৰাত ভুক্তভোগী অভিভাৱকে একাউন্ট বনোৱাৰ নামত দিয়া প্ৰাপ্ত ধন ঘূৰাই বিচৰাত দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে এইজন বিজ্ঞান শিক্ষক ছামছুল আলমৰ বিৰুদ্ধে । উক্ত বিষয় সন্দৰ্ভত বিদ্যালয়ৰখনৰ প্ৰধান শিক্ষক আলী হুছেইনক জনোৱাৰ পিছতো কোনো সুফল নোপোৱাত ভুক্তভোগী অভিভাৱকে ন্যায় বিচাৰি বিজ্ঞান শিক্ষক ছামছুল আলমৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।

লগতে পঢ়ক: বালিকুৰিত নগদ ধনৰ বাবদ ভুৱা পৰীক্ষাৰ্থীক পৰীক্ষাত বহিবলৈ দিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.