ETV Bharat / state

প্ৰতীকি মৃতদেহেৰে শ্ৰদ্ধাঞ্জলি বৰপেটা শিৰোমনি অৰ্জুন চন্দ্ৰ দাসক - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা বৰপেটাৰ বিশিষ্ট ব্যক্তি অৰ্জুন চন্দ্ৰ দাসক দেওবাৰে বৰপেটা প্ৰেছ ক্লাৱত প্ৰতীকি শৱদেহত অৰ্পন কৰা হয় শেষ শ্ৰদ্ধাঞ্জলি ৷ COVID প্ৰট'কল ৰক্ষা কৰি গ্ৰহণ কৰা হয় এই সিন্ধান্ত ৷

অৰ্জুন চন্দ্ৰ দাস
অৰ্জুন চন্দ্ৰ দাস
author img

By

Published : Sep 13, 2020, 3:33 PM IST

বৰপেটা, 13 ছেপ্তেম্বৰ: কৰ'ণাৰ প্ৰাদুৰ্ভাৱে ভয়াৱহতা কঢ়িয়াই অনাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত দেখা দিছে পূৰ্বে নেদেখা বহু পৰিৱেশ ৷ তেনে এক দৃশ্য দেখিবলৈ পোৱা গ'ল বৰপেটাত ৷ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় বৰপেটাৰ এগৰাকী বিশিষ্ট ব্যক্তি তথা বৰপেটা শিৰোমনি বঁটাপ্ৰাপক, সমাজ সংগঠক তথা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাসে ৷

দেওবাৰে বৰপেটা প্ৰেছ ক্লাৱত বিশিষ্ট ব্যক্তিগৰাকীৰ প্ৰতীকি শৱদেহত শ্ৰদ্ধা জ্ঞাপন কৰে বৰপেটাৰ জিলা উপায়ুক্ত,জিলা প্ৰশাসনৰ বিষয়া,বৰপেটা,পাটবাউসী,সুন্দৰীদিয়া আদি সত্ৰৰ প্ৰতিনিধি,সত্ৰাধিকাৰ,বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান,দল-সংগঠনৰ সদস্যৰ লগতে স্থানীয় লোকে ৷

প্ৰতিকী মৃতদেহেৰে শ্ৰদ্ধাঞ্জলি বৰপেটা শিৰোমনি বঁটাপ্ৰাপক অৰ্জুন চন্দ্ৰ দাসক

শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰা লোকগৰাকীৰ মৃতদেহ বৰপেটালৈ অনা হয় যদিও, COVID প্ৰট'কল মানি সম্পন্ন কৰা হয় তেওঁক শেষকৃত্য ৷ সমাজ সংগঠকগৰাকীক হেৰুৱাই শোকস্তব্ধ বৰপেটাবাসীয়ে অৱশেষত প্ৰতীকিভাৱেই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলগীয়া হয় ৷ এনে এক জটিল আৰু ভয়াৱহ পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি সকলো ৰাইজক কৰ'ণাৰ ভয়াৱহতাৰ পৰা হাত সাৰি থাকিবলৈ আহ্বান জনায় বৰপেটাৰ সাংস্কৃতিক কৰ্মী প্ৰমথৰঞ্জন কণ্টিৰ লগতে জিলা উপায়ুক্তই ৷

লগতে পঢ়ক: ভাৰতত ক’ভিড19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 47 লাখৰ ঘৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.