বৰপেটা, ৭ এপ্ৰিল : লক্ ডাউনৰ সুবিধা গ্ৰহণ কৰি ৰাজ্যৰ ভিন্ন স্থানত একাংশ ব্যৱসায়ীয়ে সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি ইচ্ছানুযায়ী মূল্য বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷ বৰপেটা জিলাতো একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটোৱাৰ বিৰুদ্ধে যোগান বিভাগে আৰম্ভ কৰিছে অভিযান ৷ ইতিমধ্যে বৰপেটাৰ ৰাজহ বিষয়াৰ নেতৃত্বত যোগান বিভাগে বৰপেটা চহৰৰ একাংশ দোকানত অভিযান চলোৱা আৰম্ভ কৰিছে ৷
গ্ৰাহকৰ পৰা পোৱা অভিযোগৰ ভিত্তিত যোগান বিভাগে বৰপেটা চহৰৰ দোকানসমূহত অভিযান চলাই মূল্যবৃদ্ধি ঘটোৱা ব্যৱসায়ীসকলক সকীয়নি প্ৰদান কৰে ৷ একাংশ ব্যৱসায়ীয়ে অত্যধিক মূল্যত সামগ্ৰী বিক্ৰী কৰি থকাৰ অভিযোগ লাভ কৰাৰ পিচতে বৰপেটা চহৰৰ দোকানসমূহত অভিযান চলাইছিল যোগান বিভাগে ৷ এই অভিযানকালতে কোনো কাৰণতে গ্ৰাহকে যাতে অত্যধিক মূল্যত সামগ্ৰী ক্ৰয় কৰিবলগা নহয় তাৰবাবে ব্যৱসায়ীসকলক কঠোৰ নিৰ্দেশনা প্ৰদান কৰে ৷ কোনো ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটালে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়নি দিয়ে যোগান বিভাগৰ বিষয়াসকলে ৷ ইপিনে বহু ব্যৱসায়ীয়ে যোগান বিভাগৰ নিৰ্দেশনা অমান্য কৰি দোকানৰ সন্মুখত সামগ্ৰীৰ মূল্য তালিকা আঁৰি নোথোৱাতো ধৰা পেলায় অভিযানকাৰী দলে ৷ গ্ৰাহকে দেখা পোৱাকৈ সামগ্ৰীৰ মূল্যৰ তালিকা আঁৰি থ'বলৈ সকলো ব্যৱসায়ীকে শেষ নিৰ্দেশ প্ৰদান কৰে অভিযানকাৰী দলটোৱে ৷ অন্যথা, ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৰাজহ বিষয়াৰ দলটোৱে ৷ ইপিনে বৰপেটা জিলাত প্ৰয়োজনীয় সামগ্ৰী মজুত থকা বুলি সদৰি কৰি সামগ্ৰীৰ বাবে হেতা ওপৰা নলগাবলৈ ৰাইজলৈ আহ্বান জনায় যোগান পৰিদৰ্শকে ৷
লগতে পঢ়ক : লক্ ডাউন : কৃষকৰ লোকচান আঁতৰাবলৈ কৃষি বিভাগে হাতত লৈছে বিশেষ ব্যৱস্থা !