বৰপেটা, 14 অক্টোবৰ : কাৰাগাৰৰ ভিতৰতে এজন কাৰাবন্দীয়ে আত্মহত্যা কৰাৰ ঘটনাই শেহতীয়াকৈ জোকাৰি গৈছে বৰপেটা জিলা কাৰাগাৰ তথা সমগ্ৰ জিলাখনকে ৷ মঙলবাৰে জিলা কাৰাগাৰৰ শৌচালয়ৰ ভেন্টিলেটৰত চীপ লৈ আত্মহত্যা কৰিছিল হাচিবুল হাচান (২২) নামৰ কাৰাবন্দী যুৱকজনে ৷ কিন্তু, এই ঘটনাক সাধাৰণ আত্মহত্যাৰ ঘটনা হিচাপে মানি ল’ব পৰা নাই মৃত হাচিবুলৰ পৰিয়ালে ৷
ঘটনাটোক এটা হত্যাকাণ্ড হিচাপে অভিহিত কৰিছে পৰিয়ালটোৱে ৷ পিছে ইয়াক লৈ সম্পূৰ্ণ বিপৰীত মন্তব্য কৰা দেখা গৈছে কাৰাগাৰখনৰ অধীক্ষক গৰাকীয়ে ৷ অধীক্ষক গৰাকীয়ে কৰা মন্তব্য অনুসৰি, একালৰ প্ৰেমিকাৰ আন কাৰোবাৰ সৈতে বিবাহ সম্পন্ন হোৱাকলৈ হতাশ হৈ পৰিছিল হাচিবুল ৷ অধীক্ষক গৰাকীয়ে লগতে কয় যে, এই হতাশাৰ কথা কাৰাগাৰখনৰ আন লোক সকলোকো অৱগত কৰিছিল মৃত হাচিবুলে ৷
অৱশ্যে, এই ঘটনাটো প্ৰকৃততে এটা হত্যাকাণ্ড নে আত্মহত্যা সেই কথা মৰণোত্তৰ পৰীক্ষাত স্পষ্ট হ’ব বুলি মন্তব্য কৰিছে কাৰাগাৰৰ অধীক্ষক গৰাকীয়ে ৷
উল্লেখ্য যে, বৰপেটাৰ জনীয়াৰ দাউকমাৰী গাঁৱৰ হুছেইন আলিৰ পুত্ৰ হাচিবুল হাচান নামৰ যুৱকজনে এগৰাকী কিশোৰীক পলুৱাই নিয়াৰ অভিযোগত ২৮ চেপ্টেম্বৰত জিলা কাৰাগাৰত ৰখা হৈছিল ৷ কিশোৰীগৰাকীৰ পৰিয়াল আৰু গাঁওখনৰ একাংশ দালালৰ বাবেই যুৱকজন মৃত্যুৰ বলি হ’বলগীয়া হ'ল বুলি অভিযোগ তুলিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক : ধুবুৰীত ছমাহৰ ভিতৰত মুকলি হ’ব মেডিকেল কলেজ : মুখ্যমন্ত্ৰী