বৰপেটাৰোড, 11চেপ্তেম্বৰঃ ক’ৰণা সৃষ্ট পৰিস্থিতি আৰু লক ডাউনে কঢ়িয়াই অনা ভয়াৱহ সংকটৰ মাজতে শুকুৰবাৰে বৰপেটাৰোড চহৰৰ বেলতলাৰ ৰূপক সাহা নামৰ লোকজনে মালবাহী ৰেলৰ আগত পৰি আত্মহত্যা কৰে ৷ বৰপেটাৰোড চহৰৰ নৰহৰি কমপ্লেক্সত মনোহাৰী সামগ্ৰীৰ দোকান আছিল লোকজনৰ ৷ পিছে ক’ৰণাকাল আৰু লক ডাউনৰ প্ৰভাৱত ব্যৱসায় মন্দাৱস্থাৰ বাবেই লোকজনে চৰম হতাশাত ভুগি আত্মহত্যাৰ সিদ্ধান্ত লয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷
ইপিনে ব্যৱসায়ীজনৰ এনে চৰম সিদ্ধান্তৰ ঘটনাটোক লৈ বৰপেটাৰোডৰ ব্যৱসায়ীসকলৰ মাজতো শোকৰ ছাঁ পৰিছে ৷ বিশেষকৈ ব্যৱসায়ীসকলৰ সন্মুখত আহি পৰা চৰম প্ৰত্যাহ্বানৰ বাবেই বহু ব্যৱসায়ীয়ে হতাশাত ভুগিবলগা হোৱাৰ কথাও প্ৰকাশ কৰে একাংশ ব্যৱসায়ীয়ে ৷
ইতিমধ্যে ৰেল আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে ৷ ইপিনে ঘৰৰ মুল মানুহজনক হেৰুৱাই মৰ্মাহত হৈ পৰিছে পত্নী ৷ কান্দোনৰ ভাষাও যেন হেৰুৱাই পেলাইছে পত্নীয়ে ৷ আনহাতে একমাত্ৰ শিশু সন্তানটোৱে এতিয়াও বুজিব পৰা হোৱা নাই সি কি হেৰুৱালে জীৱনত ৷ পিতৃহাৰা অবুজ শিশুটোৱে বিচনাত বহি পিতৃৰ মোবাইলত ইটো সিটোক চাই আপোনপাহৰা হৈ আছে ৷ সমগ্ৰ ঘটনাটোক লৈ বৰপেটাৰোডত গভীৰ শেকৰ ছাঁ পৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়কঃ মাডাৰ বৃদ্ধাৱাসৰ 12 গৰাকী আৱাসী ক'ভিড-19 ত আক্ৰান্ত