গোৱালপাৰা, 5 অক্টোবৰ : গোৱালপাৰা জিলাৰ পঞ্চৰত্ন নদী আৰক্ষীৰ বৃহৎ সাফল্য । তিনিখন গৰু ভৰ্তি নাও জব্দ কৰে নদী আৰক্ষীয়ে । প্ৰায় 200 গৰু কঢ়িয়াই আনিছিল তিনিখন নাৱেৰে ।
তথ্য অনুসৰি, 4 ছেপ্টেম্বৰত বৰপেটা জিলাৰ বাঘবৰ বজাৰ আৰু গাঁও অঞ্চলৰ পৰা গৰু ক্ৰয় কৰি জলেশ্বৰ চুনাৰী অঞ্চলত বিক্ৰী কৰে । বিশেষ সূত্ৰৰ খবৰ অনুসৰি, পঞ্চৰত্ন নদী আৰক্ষী থানা আৰু মাজেৰ আলগা চৰ পহৰা চকীৰ আৰক্ষীৰ দল এটাই পহৰা দি শেষ নিশা গৰু ভৰ্তি তিনিখনকৈ নাও অহা দেখা পাই পহৰাত থকা আৰক্ষীৰ দলটোৱে নিজৰ নাৱেৰে আগুচি ধৰি অবৈধভাৱে গৰু-মহ কঢ়িওৱা তিনিখনকৈ নাও জব্দ কৰিবলৈ সক্ষম হয় ।

অবৈধভাৱে গৰু কঢ়িওৱা নাও জব্দ কৰি পঞ্চৰত্ন পুৰণি ফেৰীঘাটৰ স্থানীয় লোক সকলক সোধপোচ কৰাত তেওঁলোকে বৰপেটা জিলাৰ বিভিন্ন সাপ্তাহিক বজাৰ আৰু গাঁও অঞ্চলৰ পৰা গৰু মহ ক্ৰয় কৰি জলেশ্বৰ চুনাৰী আদি অঞ্চলত বিক্ৰী কৰিবলৈ নিয়া হয় ৷
লগতে পঢ়ক : বিলাসীপাৰাত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ প্ৰতিবাদ
ইফালে, এই ঘটনাৰ পিচত পঞ্চৰত্ন নদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই সাংবাদিকৰ আগত কয় যে, নাও সমূহ জব্দ কৰাৰ সময়ত গৰু-মহ কিনাৰ উপযুক্ত কোনো ৰছিদ পাতি নোপোৱাত গৰু সমূহ জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে । জব্দকৃত গৰু বোৰ পঞ্চৰত্ন পাহাৰৰ কাষত থকা গৰাল এটাত এৰি দি পহৰাৰ ব্যৱস্থা কৰা হৈছে ।

জানিব পৰা মতে, এই নদী পথেৰে ইয়াৰ পূৰ্বেও বহু গৰু পাৰ হয় যদিও আজিৰ বিষয়টো আছিল ব্যতিক্ৰম । তিনিখন নাৱত থকা 15 গৰাকী লোকক আটক কৰি আৰক্ষীয়ে নিজাববীয়াকৈ কেচ ৰুজু কৰি সোধপোচ চলাই আছে । উল্লেখ্য যে, জব্দকৃত নাও তিনিখনত আছিল 183 টা গৰু আৰু 18 টা ম'হ ।
লগতে পঢ়ক : লিকাবালিত ভয়ংকৰ ঘটনাঃ বাঢ়নী পানীয়ে উটুৱাই নিলে 3 ডাম্পাৰ চালকক