ETV Bharat / state

Sub-District Demand:বৰপেটাৰোডক উপ-জিলা হিচাপে ঘোষণাৰ দাবী - বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা

উপ-জিলাক লৈ প্ৰতিক্ৰিয়া অব্যাহত ৷ বৰপেটাৰোডক উপ-জিলা হিচাপে ঘোষণা কৰিবলৈ দাবী বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ ৷

Sub District Demand
বৰপেটাৰোডক উপ জিলা হিচাপে ঘোষণাৰ দাবী
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 9:32 PM IST

বৰপেটাৰোডক উপ জিলা হিচাপে ঘোষণাৰ দাবী

বৰপেটাৰোড, 26 আগষ্ট : ৰাজ্য চৰকাৰে 100 সংখ্যক কেবিনেট বৈঠকত ভৱানীপুৰ সৰভোগ সমষ্টিক বজালী জিলা গঠন কৰা সিদ্ধান্তক আদৰণি জনাইছে বৰপেটাৰোড পৌৰসভা, বৰপেটাৰোড বিজেপি আৰু আছুৱে ৷ শুকুৰবাৰে অনুষ্ঠিত কেবিনেটত পুনৰ 4 জিলা আৰু 81 খন উপ-জিলা ঘোষণাৰ পাচতে উৎফুল্লিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজ ৷

বৰ্তমানৰ বৰপেটা জিলাৰ পৰা সৰভোগ সমষ্টিক বিলুপ্ত কৰি ভৱানীপুৰ-সৰভোগ নামাকৰণ কৰি বৰপেটাৰ পৰা আনি নৱগঠিত বজালী জিলাত বৰপেটাৰোডক প্ৰশাসনিক সুবিধাৰ বাবে অন্তৰ্ভুক্ত কৰিলে চৰকাৰে ৷ এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰে বৰপেটাৰোড পৌৰসভা, বৰপেটাৰোড বিজেপি আৰু বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাই ৷

উল্লেখ্য যে নামনি অসমৰ প্ৰধান বাণিজ্যিক চহৰ হৈছে বৰপেটাৰোড ৷ নৱ গঠিত বজালী জিলাৰ ভৱানীপুৰ-সৰভোগ সমষ্টিৰ মধ্যস্থান হিচাপেও পৰিচিত বৰপেটাৰোড ৷ নামনি অসমৰ বৰপেটাৰোডলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক প্ৰতিদিনে অহা যোৱা কৰে ৷ তদুপৰিও বৰপেটাৰোডত আছে ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি সকলো ধৰণৰ যোগাযোগৰ ব্যৱস্থা ৷ সেয়ে সমষ্টিটোৰ উপ-জিলাৰ সদৰ বৰপেটাৰোড কৰিবলৈ দাবী জনাইছে বিজেপি নেতৃত্বাধীন বৰপেটাৰোড পৌৰসভাৰ পৌৰপতি ৰাজেশ সৰকাৰে ৷

বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণৱজ্যোতি শৰ্মাই কয় যে আগন্তুক দিনত আমাক উপ-জিলা হিচাপে প্ৰদান কৰিব লাগে ৷ জন্মলগ্নৰ পৰা আমি বৰপেটাৰ লগত আছিলো ৷ বৰপেটাই সদায় উদাৰতাৰ পৰিচয় দি আহিছে ৷ সেয়ে ৰাইজৰ পৰামৰ্শ অনুসৰি আমি আগবাঢ়িম ৷ আগন্তুক দিনত আমাক উপ-জিলা হিচাপে ঘোষণা কৰিব বুলি আশা কৰিলো ৷

লগতে পঢ়ক:Allegation against Grampradhan in Barpeta: গাঁওপ্ৰধানৰ বিৰুদ্ধে সুৰা পান কৰি গুণ্ডাগিৰী কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.