ETV Bharat / state

বৰপেটাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ

author img

By

Published : May 9, 2022, 7:20 PM IST

এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল বৰপেটা ৷ 6 মে’ৰ পৰা সন্ধানহীন হৈ থকা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মৃতদেহ 8 মে’ত উদ্ধাৰ হোৱাৰ পাছৰে পৰা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আন এজন যুৱকক ঘটনাৰ বাবে জগৰীয়া কৰি অব্যাহত ৰাখিছে প্ৰতিবাদ (Students protest in Barpeta)৷

Students protest in Barpeta
বৰপেটাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ

বৰপেটা, ৯ মে’: বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ হিমজ্যোতি দাসৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবীত বৰপেটা সদৰ থানাত প্ৰতিবাদ (Students protest in Barpeta) ৷ দেওবাৰে বেকী নৈত উদ্ধাৰ হৈছিল মহাবিদ্যালয়খনৰ ছাত্ৰ হিমজ্যোতি দাসৰ মৃতদেহ (Student found dead in Barpeta) ৷ ৬ মে’ৰ পৰা সন্ধানহীন হৈ থকা ছাত্ৰজনৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িতসকলক বিচাৰি উলিয়াবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায় আৰক্ষীক ৷

বৰপেটাত ছাত্ৰৰ মৃত্যুক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ

বৰপেটা চহৰৰ মাজেৰে সমদল কৰি আহি বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আৰক্ষীক স্মাৰকপত্ৰ প্ৰদান কৰি হিমজ্যোতি দাসৰ মৃত্যুৰ তদন্তৰ দাবী জনায় ৷ ইপিনে ছাত্ৰজন মৃত্যুৰ ঘটনাৰ সৈতে পাঠশালাৰ এজন যুৱক জড়িত থকা বুলি উঠা অভিযোগৰ ওপৰতো তদন্তৰ দাবী জনায় ছাত্ৰ-ছাত্ৰীসকলে ৷ উল্লেখ্য যে, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কলা শাখাৰ ষষ্ঠ সান্মাষিকৰ ছাত্ৰ হিমজ্যোতি দাসৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ এয়া হত্যা, আত্মহত্যা নে আন কৰিবা সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

উল্লেখ্য যে, 8 মে’ৰ সন্ধিয়া বেকী নৈত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰে পৰা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

লগতে পঢ়ক: আলফাৰ ভিতৰত থকা বহুতকে গোপনে হত্যা কৰিছে আলফাই : ভাস্কৰ জ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.