ETV Bharat / state

কলগাছিয়াত অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ - নৱজ্যোতি মহাবিদ্যালয়

অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ৷ টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন ছাত্ৰ-ছাত্ৰী সকলৰ ৷ দাবী দিয়াৰ পিচতো সমস্যা সমাধান নকৰাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদ ৷ সমস্যা সমাধান নকৰিলে প্ৰতিবাদ নিৰ্দিষ্টকালীন চলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
author img

By

Published : Sep 11, 2019, 3:41 PM IST

জনীয়া, 11 ছেপ্টেম্বৰঃ বুধবাৰে কলগাছিয়াত নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ অভিযোগ অনুসৰি মহাবিদ্যালয়খনত ছাত্ৰৰ বাবে জিৰণি কোঠা নথকাৰ লগতে নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ৷

অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ইয়াৰোপৰি বিদ্যালয়খনত বিদ্যুৎ নাথাকিলে অধ্যক্ষ বা শিক্ষকৰ কোঠাত এচি বা ফেন চলে কিন্তু ডি জি থকাৰ পাচতো শ্ৰেণী কোঠাত এখনো ফেন নচলাৰ অভিযোগ ছাত্ৰ-ছাত্ৰী সকলৰ ৷ ইপিনে ছাত্ৰ-ছাত্ৰী সকলৰ পৰা মহাবিদ্যালয় খনত শৰীৰ চৰ্চাৰ নামত 50 টকাকৈ মাচুল সংগ্ৰহ কৰা হয় যদিও ব্যয়ামাগাৰ উন্নয়নৰ বাবে অধ্যক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলিও ছাত্ৰ-ছাত্ৰী সকলে অভিযোগ কৰে ৷ এই ক্ষেত্ৰত মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে ছাত্ৰ একতা সভাৰ বিভাগীয় সম্পাদকৰ জৰিয়তে বহু আবেদন-নিবেদন কৰে বুলি ছাত্ৰ-ছাত্ৰী সকলে জানিবলৈ দিয়ে ৷ কিন্তু ইয়াৰ পাচতো মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ ছাহজাহান আলী আহমেদে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াত বুধবাৰে ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণীকোঠা বৰ্জন কৰি ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়খনৰ মূল গেটৰ সন্মুখত অধ্যক্ষৰ বিৰুদ্ধে ধৰ্ণা দিয়ে ৷ প্ৰতিবাদকাৰী সকলে 'ছাত্ৰ-ছাত্ৰীৰ ধন লুটি খোৱা নচলিব','ব্যায়ামাগাৰ অতি সোনকালে মেৰামতি কৰক','অধ্যক্ষ হায় হায়' আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ইয়াতে ক্ষান্ত নাথাকি ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয় খনৰ সন্মুখত থকা ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰে ৷ লগতে অধ্যক্ষ ডঃ ছাহজাহান আলী আহমেদে যদি এই সমস্যা সমূহ সমাধান নকৰে তেন্তে অনিৰ্দিষ্টকালীন এই আন্দোলন চলিব বুলিও প্ৰতিবাদকাৰী সকলে ভাবুকি প্ৰদান কৰে ৷

Intro:slug: as_jania_11sep_students_protest_against_principal_vis2+byt3+pho2_spl_pkg_story_asc10058

Anchor: কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। দাবী দিয়াৰ পিছতো সমস্যা সমাধান নকৰাত ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদ। টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন। সমস্যা সমাধান নকৰিলে নিৰ্দিষ্টকালীন চলিব এই প্ৰতিবাদ।Body:slug: as_jania_11sep_students_protest_against_principal_vis2+byt3+pho2_spl_pkg_story_asc10058

VO-1: বৰপেটাৰ এখন মহাবিদ্যালয়ত নাই ছাত্ৰৰ জিৰণি কোঠা, নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, ডি জি থকাৰ পিছত বিদ্যুৎ নাথাকিলে অধ্যক্ষ বা শিক্ষকৰ কোঠাত এচি বা ফেন চলে যদিও শ্ৰেণী কোঠাত নচলে এখনো ফেন আৰু মহাবিদ্যালয় খনৰ শৰীৰ চৰ্চাৰ বাবে জিমৰ নামত ৫০ টকাকৈ মাচুল সংগ্ৰহ কৰে যদিও জিমৰ উন্নয়নৰ বাবে অধ্যক্ষই নকৰে কোনো ব্যৱস্থা। ছাত্ৰ একতা সভাৰ বিভাগীয় সম্পাদকৰ জৰিয়তে আবেদন-নিবেদন কৰাৰ পিছতো অধ্যক্ষ ডঃ ছাহজাহান আলী আহমেদে কোনো গুৰুত্ব নিদিয়াত আজি বৰপেটা জিলাৰ কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালত ছাত্ৰ একতা সভাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কৰি মহাবিদ্যালয়খনৰ মূল গেট বন্ধ কৰি গেটৰ সন্মুখত অধ্যক্ষৰ বিৰুদ্ধে ধৰ্ণা দিয়ে। ছাত্ৰ-ছাত্ৰীৰ ধন লুটি খোৱা নচলিব, শৰীৰচৰ্চাগাৰ অতি সোনকালে মেৰামতি কৰক, অধ্যক্ষ হায় হায় আদি শ্লো-গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে। ইফালে মহাবিদ্যালয়খনৰ সন্মুখত থকা ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীয়ে। অধ্যক্ষ ডঃ ছাহজাহান আলী আহমেদে যদি এই সমস্যা সমূহ সমাধান নকৰে তেন্তে অনিৰ্দিষ্টকালীন এই আন্দোলন চলিব বুলি ভাবুকি দিয়ে প্ৰতিবাদকাৰীয়ে।

(Special Package Story)Conclusion:slug: as_jania_11sep_students_protest_against_principal_vis2+byt3+pho2_spl_pkg_story_asc10058

Byte: ছাত্ৰ একতা সভাৰ সম্পাদক আৰু প্ৰতিবাদকাৰী ছাত্ৰৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

(Special Package Story)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.