ETV Bharat / state

শ্ৰেণী কোঠাৰ ভিতৰতে প্রচণ্ড মাৰপিট ছাত্ৰৰ

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত জপেয়া হাইস্কুলত সংঘটিত হয় এক লজ্জাজনক ঘটনা ৷ মঙলবাৰে পুৱা ছাত্ৰ সকলৰ মাজত বেঞ্চত বহাক কেন্দ্ৰ কৰি একাংশ ছাত্ৰই মাত্ৰাখোলা গাঁৱৰ কদম আলিৰ পুত্ৰ বাহেজ আলী আৰু মণিৰ উদ্দিন নামৰ দুজন ছাত্ৰক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে ৷

Students fight at school
শ্ৰেণী কোঠাৰ ভিতৰতে ছাত্ৰৰ মাজত প্রচণ্ড মাৰপিট
author img

By

Published : Feb 9, 2021, 10:03 PM IST

জনীয়া,9ফেব্ৰুৱাৰী:বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত জপেয়া হাইস্কুলত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ জানিব পৰা মতে,মঙলবাৰে পুৱা ছাত্ৰ সকলৰ মাজত বেঞ্চত বহাক কেন্দ্ৰ কৰি একাংশ ছাত্ৰই মাত্ৰাখোলা গাঁৱৰ কদম আলিৰ পুত্ৰ বাহেজ আলী আৰু মণিৰ উদ্দিন নামৰ দুজন ছাত্ৰক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে ৷ তদুপৰি বাহেজ আলি নামৰ ছাত্ৰজনক কাঠৰ বাটামেৰে মূৰত আঘাত কৰাৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন ৷

শ্ৰেণী কোঠাৰ ভিতৰতে বঙাইগাঁৱত ছাত্ৰৰ মাজত প্রচণ্ড মাৰপিট

স্থানীয় ৰাইজে তৎপৰতাৰে ছাত্ৰজনক বৰপেটা অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও ছাত্ৰজনৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে ৷ ইপিনে এই ঘটনাৰ লগত জড়িত সাহাদুল ইছলাম, ছানিদুল ইছলাম, কাদেৰ অলী নামৰ ছাত্ৰকেইজনৰ ওপৰত বৰ্তমানেও কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বিদ্যালয় কৰ্তৃপক্ষই ৷ বিদ্যালয় কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি ছাত্ৰদ্বয়ৰ অভিভাৱকে অভিযোগ তুলি কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ব বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ কোকৰাঝাৰত পুনৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.