সৰভোগ, 12 মে’: দিন হাজিৰা কৰি কোনো মতে জীৱিকা নিৰ্বাহ কৰা লাচিত কুমাৰৰ পিতৃ কামাখ্যা নাথে ঋণ-ধাৰ কৰি ছাত্ৰ জনক বৰপেটা আৰু গুৱাহাটীত চিকিৎসা কৰিও সফল হব পৰা নাই । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰ জনক বিগত দুমাহ ধৰি টকাৰ অভাৱত ঘৰতে আছে ৷ ছাত্ৰ জনক চিকিৎসা কৰিব নোৱাৰাত পৰিয়ালৰ লোক সকল বিষম সমস্যাত পৰিছে ।
লগতে পঢ়ক: কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
বিছনাত মৃত্যুৰ সৈতে যুঁজি থকা নিজ পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃ কামাখ্যা নাথে স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সাহাৰ্য্য কামনা কৰি কাতৰ প্ৰাৰ্থনা কৰিছে ।