ETV Bharat / state

বৰপেটাত লাভ জেহাদৰ ঘটনা

ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা ৷ শেহতীয়াকৈ এনে এক ভয়াবহ ঘটনা পোহৰলৈ আহিছে বৰপেটা জিলাৰ সৰ্থেবাৰীত । ঘৰৰ ভিতৰত তলাবন্ধ কৰি আবদ্ধ কৰি ৰখাৰ মাজতে সুযোগ বুজি পলায়ন কৰিলে লাভ জেহাদৰ বলী এগৰাকী অসমীয়া নাবালিকাই ৷ ইতিমধ্যে এই ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

author img

By

Published : Aug 3, 2020, 4:58 PM IST

Stress caused by love jihad in Barpeta
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাতো ভয়াৱহ ৰূপত বাঢ়িছে লাভ জেহাদৰ ঘটনা

বৰপেটা, ৩আগষ্ট: তেজপুৰৰ জামুগুৰিহাটৰ পৰা বৰপেটালৈ পলুৱাই অনা এগৰাকী নাবালিকাৰ পলায়নৰ পিছতেই পোহৰলৈ আহিল ৰাজ্যত চলি থকা ভয়াৱহ লাভ জেহাদৰ আন এক ঘটনা ৷

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ২ নং বেচিমাৰী গাঁৱৰ জাহিদুল কাজী নামৰ যুৱক এজনে নিজকে লাকী শৰ্মা নামেৰে ভুৱা পৰিচয় দি তেজপুৰ জামুগুৰিহাটৰ পৰা পলুৱাই আনিছিল ১৪ বছৰীয়া এগৰাকী নাবালিকাক ৷

জামুগুৰিহাটত এক্সক্লেভেটৰ চলাই থকা জাহিদুলে নিজকে লাকী শৰ্মা বুলি পৰিচয় দি নাবালিকা গৰাকীৰ সৈতে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক ৷ আনকি ভণ্ড জাহিদুলৰ পিতৃয়েওঁ টেলিফোনত নিজকে শৰ্মা উপাধিৰ এগৰাকী অসমীয়া লোক বুলি পৰিচয় দিছিল ৷ এনেদৰেই ভুৱা পৰিচয়েৰে জাহিদুলে নাবালিকাগৰাকীক প্ৰেমৰ জালত পেলাই জামুগুৰিহাটৰ পৰা বেচিমাৰীৰ ঘৰলৈ পলুৱাই আনিছিল ৷

পিছে বৰপেটাৰ বেচিমাৰীৰ ঘৰত উপস্থিত হৈ জাহিদুলক এজন মুছলমান সম্প্ৰদায়ৰ বুলি জানিব পাৰি হতবাক হৈ পৰে নাবালিকা গৰাকী ৷ জাহিদুলৰ প্ৰকৃত পৰিচয় জানিব পাৰি তাৰ পৰা পলায়নৰ চেষ্টা কৰে যদিওঁ নাবালিকা গৰাকীক ঘৰত আবদ্ধ কৰি নানা ধৰণে শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে পৰিয়ালটোৱে ৷

আনকি ঈদৰ দিনা গো মাংস ভক্ষণ নকৰাৰ বাবেই নাবালিকা গৰাকীক মাৰধৰ কৰাৰো অভিযোগ উঠিছে জাহিদুলৰ পৰিয়ালটোৰ বিৰুদ্ধে ৷ ইয়াৰ মাজতে সুযোগ বুজি পৰিয়ালটোৱে দি অহা যন্ত্ৰণা আৰু নিৰ্যাতনৰ পৰা পৰিত্ৰাণ পাবলৈ নাবালিকা গৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হয় ৷

সোমবাৰে পুৱা নাবালিকা গৰাকী জাহিদুলৰ ঘৰৰ পৰা পলায়ন কৰি সৰুক্ষেত্ৰীৰ গহিয়া বড়ো চুবুৰীৰ এটা পৰিয়ালত আশ্ৰয় লয়গৈ ৷ ইফালে নাবালীক গৰাকীক বিচাৰি খেদি অহা জাহিদুলৰ পৰিয়ালৰ লোকে নাবালিকা গৰাকীক জোৰকৈ ঘৰলৈ ঘূৰাই নিয়াৰ চেষ্টা চলালে যদিওঁ আশ্ৰয় দিয়া পৰিয়ালটোৱে বাধা দিয়াত লোক কেইজন সেই স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য হয় ৷

বৰপেটাৰ সৰ্থেবাৰীত সংঘটিত এই ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে জাহিদুল কাজীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ৷

অবশ্যে আৰক্ষীয়ে জাহিদুল কাজী অথবা পৰিয়ালৰ লোকৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনকি ভুৱা হিন্দু লোকৰ পৰিচয়েৰে এগৰাকী ১৪ বছৰীয়া নাবালিকাক পলুৱাই আনি তলাবন্ধ কৰি ঘৰত সোমোৱাই ৰখা পৰিয়ালটোৰ বিৰুদ্ধে আৰক্ষীয়ে এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.