বৰপেটাৰোড 18 মে' :সোমবাৰে নিশা বৰপেটাৰোডৰ খৈৰাবাৰীৰ সমীপৰ কামাৰবস্তীৰ এখন পথাৰৰ পৰা ২০টাতকৈও অধিক চুৰি গেছ চিলিণ্ডাৰসহ (Stolen gas cylinder recovered at Barpeta Road)এজন লোকক আটক কৰে বৰপেটাৰোড আৰক্ষীয়ে (Stolen gas cylinder recovered by Barpeta Road police)৷ আটকাধীন লোকজনৰ নাম ওৱাহেদ আলী বুলি জানিব পৰা গৈছে (One person arrested with Stolen gas cylinder)৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দীৰ্ঘদিনৰ পৰাই ধৃত ওৱাহেদ আলীয়ে চুৰি গেছভৰ্তি চিলিণ্ডাৰ ক’লা বজাৰত বিক্ৰী কৰি চলাই গৈছিল এক ৰমৰীয়া বেহা ৷ এই ক্ষেত্ৰত বৰপেটাৰোড আৰক্ষীয়েও ৰাখিছিল চোকা নজৰ ৷ অৱশেষত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে খৈৰাবাৰীৰ কমাৰবস্তিৰ জংঘল আৰু পথাৰৰ পানীৰ তলত বহু কেইটা গেছ চিলিণ্ডাৰ লুকাই ৰখা বুলি খবৰ লাভ কৰে ।
সেইমৰ্মে, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে কামাৰবস্তিৰ ঘন জংঘল আৰু পানীৰ তলত লুকাই ৰখা অৱস্থাত অভিযান চলাই ২০/২২ টা গেছ চিলিণ্ডাৰ উদ্ধাৰ কৰে । ইয়াৰে বহুকেইটা চিলিণ্ডাৰ গেছভৰ্তি যদিও কেইটামান চিলিণ্ডাৰ খালী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি বৰপেটাৰোড আৰক্ষীয়ে ধৃত ওৱাহেদ আলীৰ ওপৰত জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : সাতগাঁও আৰক্ষীৰ জালত চুৰি সামগ্ৰীসহ দুই গভাইত চোৰ