জনীয়া, 1 জুলাই: বৰপেটাত অব্যাহত আছে চোৰৰ উপদ্ৰৱ ৷ ইয়াৰ মাজতে বৰপেটা জিলাৰ অন্তৰ্গত কলগাছিয়াত চোৰৰ ঘৰত উদ্ধাৰ হ’ল চুৰি কৰি নিয়া গৰু ৷ গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত হালধীয়া পথাৰৰ গাঁওৰক্ষী বাহিনীয়ে নিশা ছলেমান নামৰ এজন চোৰৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে লুকুৱাই ৰখা এটা ষাঁড় গৰু (Stolen cow recovered from thieves house) ।
অভিযানৰ সময়ত গাঁওৰক্ষী বাহিনীয়ে গভাইত চোৰ ছলেমানৰ ঘৰত বিচাৰ খোচাৰ কৰি প্ৰথমে একো সম্ভেদ পোৱা যদিওঁ শেষত গৰুৰ ভৰিৰ খোজ নিৰীক্ষণ কৰি চোৰটোৰ ঘৰৰ পিছফালৰ বাঁহনীত বান্ধি থোৱা অৱস্থাত এটা ষাঁড় গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
অৱশ্যে গাঁওৰক্ষী বাহিনীয়ে ছলেমান নামৰ চোৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল । পিছত গাঁওৰক্ষী বাহিনীৰ সদস্যই ষাঁড় গৰুটো উদ্ধাৰ কৰি কলগাছিয়া আৰক্ষী থানাত চমজাই দিয়ে ।
উল্লেখ্য যে, ছলেমান নামৰ চোৰটোয়ে পূৰ্বেও বিলাসী বাহনেৰে গৰু চুৰি কৰিবলৈ গৈ হাতেলোটে ধৰা পৰি জেল হাজোতলৈ যাব লগা হৈছিল বুলি গাঁওৰক্ষী বাহিনীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: ত্ৰিপুৰাত গৰু চুৰিৰ সন্দেহত গণ প্ৰহাৰ: প্ৰাণ গ’ল তিনি যুৱকৰ