বৰপেটাৰোড 29 আগষ্ট : কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ হোৱা উপলক্ষে “ আজাদি কা অমৃত মহোৎসৱ " শীৰ্ষক এক বিশেষ কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৷ এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ উদ্যোগত গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ এক চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে ৷
এই চাইকেল ৰেলী শনিবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে গুৱাহাটীত ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে ৷ এই চাইকেল ৰেলীৰ দলটো আহি বৰপেটা জিলা পাওঁতে বৰপেটাৰোডৰ শিমলাগুড়ী চ’কত এছ এছ বিৰ ২৭ নম্বৰ বেটেলিয়নৰ গুৱাগাছা কেম্পে আদৰণি জনায় ৷
লগতে পঢ়ক: গুৱাহাটীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ