বৰপেটা , 11 জানুৱাৰী : বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে শনিবাৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰে ৷ শংকৰী সংস্কৃতিৰ গৱেষক ড৹ অমলেন্দু চক্ৰৱৰ্তীক ৰাজ্যৰ বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে 'শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতা বঁটা' প্ৰদান কৰে ৷
ইপিনে গুৰুজনাৰ ধৰ্মমত আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰৰ কামত সমগ্ৰ জীৱন সমৰ্পিত কৰি অহা বেণুধৰ কছাৰীক 'সত্ৰভূষণ' উপাধি প্ৰদান কৰা হয় ৷ যোৰহাট জিলাৰ তিতাবৰৰ ভিতৰুৱা চেকুৰীয়া গাঁৱৰ বেণুধৰ কছাৰীয়ে জনজাতীয় সকলৰ মাজত সত্ৰ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আগবঢ়াই অহা অৱদানৰ বাবেই এই সত্ৰভূষণ উপাধি প্ৰদান কৰে বৰপেটা শাখা সত্ৰ সমাজে ৷
এই বঁটা প্ৰদান অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা, বিশিষ্ঠ লেখক, সাহিত্য সমালোচক ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে অংশগ্ৰহণ কৰে ৷ বৰপেটা সত্ৰৰ পৃষ্ঠপোষকতাত গঠিত ৰাজ্যৰ প্ৰায় আঢ়ৈ শতাধিক শাখা সত্ৰৰ উমৈহতীয়া অনুষ্ঠান বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে প্ৰতি দুবছৰৰ মুৰে মুৰে এই বঁটা আৰু উপাধি প্ৰদান কৰি আহিছে ৷ ইপিনে অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে এই বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠানটোত ৰাজ্য চৰকাৰক সহযোগ আগবঢ়াবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বুলিও মত প্ৰকাশ কৰে ৷
আৰু পঢ়ক : বৰপেটা সত্ৰ আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ