ETV Bharat / state

মাতৃক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ নকৰিবলৈ প্ৰতিবাদত বহিল পুত্ৰ

author img

By

Published : Nov 12, 2020, 2:34 PM IST

মাতৃত ডি ভোটাৰ ঘোষণা ৷ মাতৃক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ নকৰিবলৈ পুত্ৰৰ অভিনৱ প্ৰতিবাদ ৷ ভুৱা গোচৰত মাতৃক ডি ভোটাৰ সজোৱাৰ অভিযোগ পুত্ৰৰ ৷

মাতৃক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ নকৰিবলৈ প্ৰতিবাদত বহিল পুত্ৰ
মাতৃক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ নকৰিবলৈ প্ৰতিবাদত বহিল পুত্ৰ

বৰপেটা, 12 নৱেম্বৰ: ডি ভোটাৰ ঘোষিত মাতৃৰ ফটো সম্বলিত এখন প্ৰতিবাদী ফেষ্টুন ডিঙিত ওলোমাই পুত্ৰ অভিনৱ প্ৰতিবাদ ৷ মাতৃক ভুৱা গোচৰত ডি ভোটাৰ সজাইছে বুলি অভিযোগ উত্থাপন কৰি যুৱকজনে মাতৃক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ নকৰিবৰ বাবে আহ্বান জনাই বৰপেটা চহৰত এই প্ৰতিবৈাদ সাব্যস্ত কৰে ৷

ভুৱা গোচৰত মাতৃক ডি ভোটাৰ সজোৱাৰ অভিযোগ পুত্ৰৰ

নিজ মাতৃক ডিটেনশ্বন কেম্পলৈ নিক্ষেপ নকৰিবলৈ দাবী জনাই এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা যুৱকজন বৰপেটাৰ জনীয়া বিধানসভা সমষ্টিৰ ভেৰাগাঁৱৰ ফাৰুক খান ৷ নিজ মাতৃৰ ফটো সম্বলিত ফেষ্টুনখনত যুৱক জনে এইবুলি লিখি লৈছে - " REQUESTING NOT TO TAKE MY MOTHER TO THE DETENTION CAMP. "

যুৱকজনে অভিযোগ কৰে যে তেওঁৰ মাতৃ তাহমিনা খাতুনক বিদেশী ন্যায়াধীকৰণ ডি' ভোটাৰ হিচাপে চিনাক্ত কৰাৰ লগতে মহিলাগৰাকীক ডিটেনশ্বন কেম্পলৈ লৈ যোৱাৰো নিৰ্দেশ দিছে ৷ বিদেশী ন্যায়াধীকৰণৰ এনে নিৰ্দেশৰ বিৰুদ্ধে আজি মহিলাগৰাকীৰ পুত্ৰই বৰপেটা চহৰৰ মাজেৰে এনেদৰে বুকুত ফেষ্টুন আঁৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যুৱকজনে বৰপেটা চহৰৰ মাজেৰে পদব্ৰজে গৈ বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰলৈ গৈ অভিনৱ পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰে । যুৱকজনে সীমান্ত আৰক্ষীৰ ভুৱা গোচৰত আৰু বিদেশী ন্যায়াধীকৰণৰ পক্ষপাতমূলক বিচাৰ প্ৰক্ৰিয়াৰে একাংশ ভাৰতীয় নাগৰিকক বিদেশী সাব্যস্ত কৰা বুলি অভিযোগ উত্থাপন কৰে ।

তেওঁ কয় যে মোৰ জন্মদাত্ৰী মাতৃ বিদেশী নহয় , মোৰ মাতৃৰ দৰেই এনেদৰে অসংখ্যজনক সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণে সন্দেহযুক্ত নাগৰিক হিচাপে চিহ্নিত কৰি তেঁওলোকক ডিটেনশ্বন কেম্পলৈ নিক্ষেপ কৰি আহিছে ৷ উক্ত অভিযোগ উত্থাপন কৰি যুৱকগৰাকীয়ে শীঘ্ৰে এই প্ৰক্ৰিয়া বন্ধৰ দাবী জনায় ৷
লগতে পঢ়ক: পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.