ETV Bharat / state

Drugs destroy many homes: ড্ৰাগছ সেৱনৰ বাবে ধন নিদিয়াৰ বাবেই পুত্ৰই জ্বলাই ভস্মীভূত কৰিলে ঘৰ

author img

By

Published : Aug 10, 2022, 10:01 PM IST

পুত্ৰক ড্ৰাগছ সেৱন কৰাৰ বাবে পিতৃয়ে টকা নিদিয়াৰ বাবেই নিজৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰি জ্বলাই দিলে ড্ৰাগছ আসক্ত যুৱকজনে (Son set fire to his house after refused to pay for drugs) ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটাৰোডৰ বালাভিঠাৰ বেঁকীৰপাৰত । ড্ৰাগছ, মদ, ভাং,গাঞ্জা আদি নিচাজাতীয় দ্ৰব্য সেৱন কৰি মাতাল পুত্ৰই সদায়ে অত্যাচাৰ চলায় ঘৰখনত ৷

Drugs destroy many homes
ড্ৰাগছ সেৱনৰ বাবে ধন নিদিয়াৰ বাবেই পুত্ৰই জ্বলাই ভস্মীভূত কৰিলে ঘৰ

বৰপেটাৰোড, 10 আগষ্ট: নৱপ্ৰজন্মৰ বাবে মাৰাত্মক ব্যাধিত পৰিণত হৈছে নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছৰ কৰাল গ্ৰাসত আজিৰ একাংশ যুৱপ্ৰজন্ম ৷ ড্ৰাগছ কৱলত পৰি ধ্বংস হৈছে বহু যুৱক ৷ লগতে নি:শেষ হৈ গৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ ড্ৰাগছ আসক্ত যুৱকে ড্ৰাগছ সেৱন কৰিব নোবাৰিলে অথবা ধন নাপালে নিজৰ ঘৰখনতে চলাই অত্যাচাৰ (Drugs destroy many homes) ৷

শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে বৰপেটাৰোডত ৷ ড্ৰাগছ সেৱন কৰাৰ বাবে পিতৃয়ে টকা নিদিয়াৰ বাবেই নিজৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিলে ড্ৰাগছ আসক্ত যুৱকজনে ৷

এই ঘটনা সংঘটিত হৈছে বৰপেটাৰোডৰ বালাভিঠাৰ বেঁকীৰপাৰত । কৃষ্ণ দাস নামৰ যুৱকজনে ড্ৰাগছ, মদ, ভাং, গাঞ্জা আদি নিচাজাতীয় দ্ৰব্য সেৱন কৰি সদায় মাতাল হৈ অত্যাচাৰ চলায় ঘৰখনত ৷ ড্ৰাগছ সেৱন কৰিবলৈ এপদ এপদকৈ বিক্ৰি কৰি আহিছিল ঘৰৰ সকলো সামগ্ৰী ৷ নিজৰ ঘৰৰ প্ৰতিপদ প্ৰয়োজনীয় সামগ্ৰী ঘৰৰ পৰা নি বাহিৰত বিক্ৰি কৰা বুলি জনায় দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ কিন্তু এইবাৰ যুৱকৰ অত্যাচাৰে চেৰাই গ’ল চৰম সীমা ৷ নিচাজাতীয় দ্ৰব্য ক্ৰয়ৰ বাবে পিতৃৰ পৰা টকা খুজিছিল যুৱকজনে ৷ কিন্ত দৰিদ্ৰ পিতৃয়ে টকা দিব নোৱাৰাৰ বাবেই নিচাসক্ত পুত্ৰই ভগ্নী আৰু পিতৃ-মাতৃৰ প্ৰহাৰ কৰে ৷

ইমানতে ক্ষান্ত নাথাকি অৱশেষত নিজৰ ঘৰখনকেই জ্বলাই দিলে পুত্ৰই (Son set fire to his house after refused to pay for drugs) ৷ ইফালে পুত্ৰ কৃষ্ণ দাসৰ কোঠাৰ পৰা ড্ৰাগছৰ খালী কন্টেইনাৰ আৰু ছিৰিঞ্জ আদি নিচাৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিছে পিতৃ-মাতৃয়ে ৷

অৱশেষত পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি দুৰ্ভগীয়া পিতৃয়ে নিজ পুত্ৰৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ (Filed a case in Barpeta Road Police Station) ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে ড্ৰাগছ আসক্ত যুৱকজন ৷

লগতে পঢ়ক: Drugs Peddler Arrested in Moirabari: ড্ৰাগছসহ গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.