ETV Bharat / state

কলগাছিয়াবাসীৰ অভিযোগ; প্ৰত্যেক নিশাই কলগাছিয়াৰ মাজেৰে পাৰ হয় চোৰাং কাঠভৰ্তি বাহন

author img

By

Published : Apr 29, 2022, 10:14 AM IST

চকু মুদা কুলিৰ ৰূপত ৰাজ্যৰ বন বিভাগ ৷ চোৰাং কাঠ সৰবৰাহ সন্দৰ্ভত নিমাত বন বিভাগ ৷ এই অভিযোগ কলগাছিয়াবাসীৰ ৷ কিয়নো প্ৰায় প্ৰত্যেক নিশাই কলগাছিয়াৰ মাজেৰে চোৰাং কাঠভৰ্তি বাহন পাৰ হৈ (Every night smuggled wooden vehicles pass through Kalgachia) যোৱাৰ স্বত্বেও কোনো বিহিত ব্যৱস্থা লোৱা নাই বন বিভাগে ৷

Kalgachia Illegal wood
চোৰাং কাঠভৰ্তি এখন টাটা মেজিক জব্দ

জনীয়া, 29 এপ্ৰিল : ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ বেহা । তথাপিও যেন চিৰ নিদ্ৰাত আছে বন বিভাগ । এক প্ৰকাৰে প্ৰত্যেক নিশাই কলগাছিয়াৰ মাজেৰে পাৰ হৈ যায় চোৰাং কাঠভৰ্তি গাড়ী । এই অভিযোগ স্থানীয় ৰাইজৰ (every night smuggled wooden vehicles pass through Kalgachia) ৷

Kalgachia Illegal wood
চোৰাং কাঠভৰ্তি এখন টাটা মেজিক জব্দ

এক গোপন সূত্ৰৰ খবৰ ভিত্তিত স্থানীয় ৰাইজে বৃহস্পতিবাৰে নিশা জব্দ কৰে কাঠ ভৰ্তি এখন টাটা মেজিক । চোৰাং কাঠৰ বাবে বিখ্যাত জাউৰীমাৰীৰ পৰা নিশা AS18C-1606 নম্বৰৰ চোৰাং কাঠভৰ্তি এখন টাটা মেজিক অতি গোপনে কলগাছিয়া বজাৰৰ মাজেদি পাৰ হৈ আছিল । সেই সময়তে স্থানীয় ৰাইজে উক্ত কাঠ ভৰ্তি বাহনখন সোধপোছৰ বাবে ৰখাইছিল (Illegal wood seize at Kalgachia) ।

তাৰ পিচতে স্থানীয় ৰাইজে বাহনখনৰ চালকক কঢ়িয়াই অনা কাঠখিনিৰ চালান সন্দৰ্ভত সোধ-পোচ কৰে ৷ কিন্তু গাড়ী চালকজনে কঢ়িয়াই অনা কাঠখিনিৰ চালান দেখুৱাব নোৱাৰিলে ৷ তাৰ বিপৰীতে কাঠখিনিৰ গৰাকী আলি আকবৰ নামৰ ব্যক্তিগৰাকীয়ে লৈ অনা বুলিহে মন্তব্য কৰে ৷ আনহাতে, কিছু সময়ৰ পাচতে গাড়ীখনৰ চালকজনে অতি ৰহস্যজনকভাৱে উক্ত কাঠভৰ্তি বাহনখন লৈ তীব্ৰ বেগত সেই স্থানৰ পৰা পলায়ন কৰে ।

চোৰাং কাঠভৰ্তি এখন টাটা মেজিক জব্দ

এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ এই সন্দৰ্ভত ৰাজ্যৰ বন বিভাগ তথা বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : মাণিকপুৰৰ নাগৰিক বজাৰত অবৈধ কাঠমিল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.