ETV Bharat / state

Corruption in Rupshi development block: চৰকাৰী গছ কাটি বিক্ৰী কৰা বিষয়াৰ বিৰুদ্ধে তদন্তৰ দাবী

author img

By

Published : Apr 2, 2023, 6:36 PM IST

কলগাছিয়াৰ ৰূপসী উন্নয়ণ খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ (Rupshi Development Block of Kolgachia)। লক্ষাধিক টকাৰ চৰকাৰী গছ কাটি নিশা বিক্ৰী কৰাৰ অভিযোগ ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে ।

Rupshi Development Block of Kolgachia
ৰূপসী উন্নয়ণ খণ্ডত ব্যাপক দুৰ্নীতি
ৰূপসী উন্নয়ণ খণ্ডত ব্যাপক দুৰ্নীতি

জনীয়া, ২ এপ্রিল: বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ খণ্ড উন্নয়ন বিষয়া আৰু আঞ্চলিক সভাপতিৰ বিৰুদ্ধে লক্ষাধিক টকাৰ চৰকাৰী গছ কাটি নিশা বিক্ৰীৰ অভিযোগ উত্থাপন কৰিছে বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন আৰু খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে গছসমূহ বিক্ৰী কৰা বুলি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ উত্থাপন কৰিছে (SMSS demand for probe of Corruption in Rupshi) ৷

উল্লেখ্য় যে, কেইদিনমান পূৰ্বে কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ চৌহদত থকা লক্ষাধিক টকা মূল্যৰ 9 জোপাকৈ চেগুণ গছ নিশা খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী আৰু ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইতিমধ্য়ে এই দুয়োজন দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত ৰাইজে এজাহাৰ দাখিল কৰিছে (Protest Against Corruption in Kalgachia)। লক্ষাধিক টকাৰ চৰকাৰী গছ কাটি বিক্ৰী কৰা অভিযুক্তৰ বিৰুদ্ধে তদন্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

এই ক্ষেত্ৰত মাথোঁ বন বিভাগৰ ক্ষেত্ৰ পৰিদৰ্শন বাহিৰে বৰ্তমানলৈকে জিলা উপায়ুক্তই কোনো পদক্ষেপ নোলোৱাত ক্ষোভ প্ৰকাশ কৰে জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । লক্ষাধিক টকাৰ মূল্যবান গছ বিক্ৰী কৰাক কেন্দ্ৰ কৰি বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিচত সৰৱ হৈছে বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ।

ইপিনে, এই বিষয়ে স্থানীয় ৰাইজে বৰপেটাৰোড আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় আৰু বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰিছে । ৰূপসী খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী আৰু ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনক গ্ৰেপ্তাৰৰ দাবীত বৃহস্পতিবাৰে ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল । তাৰ পিচত বৰপেটাৰোড বন বিষয়াই ক্ষেত্ৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় যদিও খবৰ ল'বলৈ আহৰি নাই জিলা উপযুক্ত কাৰ্যালয়ৰ বিষয়ববীয়াৰ ।

উল্লেখ্য় যে, ইয়াৰ পূৰ্বে মন্দিয়া উন্নয়ন খণ্ডৰ দায়িত্বত থাকোতে বিভিন্ন দুৰ্নীতিৰ অভিযোগত নৱৰত্ন পাটোৱাৰী নিলম্বন হৈছিল ৷ আনহাতে,ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনৰ বিৰুদ্ধেও বিভিন্ন সময়ত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে । এই ক্ষেত্ৰত তদন্তৰ নামত ভেকোভাওনা কৰিলে নহ'ব বুলি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সঁকীয়াই দিছে ।

লগতে পঢ়ক:Poisonous mushrooms reaction : বিষাক্ত কাঠফুলা খাই অসুস্থ একেটা পৰিয়ালৰে তিনিজনকৈ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.