বৰপেটা, ১৬ ছেপ্টেম্বৰঃ বৰপেটা জিলাৰ বহৰিৰ বান্দালী গাঁৱত সৰুক্ষেত্ৰীৰ গৰিয়া চতলা গাৱৰ ৰুবুল হক চৌধুৰী নামৰ এজন যুৱকৰ হত্যাৰ অভিযোগত আজি বৰপেটাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে গুৰুত্বপূৰ্ণ ৰায়দান কৰে ৷ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ নাৰায়ণ কুৰীৰ আদালতে শনিবাৰে ৰুবুল হক চৌধুৰী নামৰ যুৱকজনৰ হত্যাৰ অভিযোগত দাৰগ আলী ওৰফে জাকিৰ আলী (২৩), ছাইফুল ইছলাম (২২), ইনজামামূল হক (২২), ফৰিদুল ইছলাম, (৩৭) বাদশ্বাহ ফকিৰ (৩৭), লাল মাহমুদ খান (৪১) নামৰ ৬ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷
উল্লেখ্য় যে ২০২২ চনৰ ১৬ এপ্ৰিলত বহৰিৰ বান্দালী গাঁৱত প্ৰেমিকাক সাক্ষাতৰ বাবে আহিছিল ৰুবুল হক চৌধুৰী নামৰ যুৱকজন ৷ ৰুবুল হক চৌধুৰীৰ প্ৰেমিকাগৰাকীক ইনজামুল খান নামৰ যুৱকজনে পূৰ্বে প্ৰেমৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু যুৱতীগৰাকীয়ে ইনজামূল খানৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ৷ সিদিনা ৰুবুল আলীয়ে বান্দালী গাঁৱৰ প্ৰেমিকাগৰাকীৰ সৈতে দুপৰীয়া ব্ৰহ্মপুত্ৰৰ পাৰলৈ ফুৰিবলৈ যোৱা প্ৰত্যক্ষ কৰি প্ৰেম প্ৰত্যাখ্যানৰ প্ৰতিশোধত জ্বলি উঠে ইনজামূল খান ৷
প্ৰেমৰ প্ৰতিদ্বন্দী ৰুবুল আৰু প্ৰেমিকাগৰাকীয়ে নৈৰ পাৰত ফুৰি থকা কথাটো সহ্য কৰিব নোৱাৰি ইনজামামূল হক নামৰ যুৱকজনে তেওঁৰ দুই বন্ধু ছাইফুল ইছলাম আৰু দাৰগ আলীক লগত লৈ লগে লগে ব্ৰহ্মপুত্ৰৰ পাৰলৈ যায় আৰু তাত ৰুবুল আলী আৰু প্ৰেমিকাগৰাকীক মাৰপিট কৰে ৷ ইয়াৰ পিচতে তিনিও যুৱকে প্ৰেমিকাগৰাকীক পৰিয়ালৰ লোকক মাতি আনিবলৈ ঘৰলৈ পঠিয়াই ৰুবুল আলীক আৱদ্ধ কৰি ৰাখে ৷ ইয়াৰ পৰৱৰ্তী সময়ত ঘটনাৰ সৈতে জড়িত হৈ পৰে বাদশ্বাহ মিঞা,ফৰিদুল ইছলাম আৰু লাল মামুদ খান নামৰ বান্দালীৰে আন তিনি যুৱক ৷
যুৱতীগৰকীক ঘৰলৈ যাবলৈ দি ৰুবুল আলীক আৱদ্ধ কৰি ৩ লাখ টকা দাবী কৰে ৬ জন অভিযুক্তই ৷ যুৱকৰ দলটোৱে তিনি লাখ টকা আদায় দি তেওঁক মোকলাই লৈ যাবলৈ ঘৰলৈ ফোন কৰিবলৈ ৰুবুল আলীক নিৰ্দেশ দিয়ে ৷ ৰুবুলে ঘৰত শয্যাগত হৈ থকা পক্ষাঘাতগ্ৰস্থ পিতৃৰ কথা কৈ তেওঁৰ বাবে তিনি লাখ টকা আদায় দিয়াতো সম্ভৱ নহ'ব বুলি কোৱাৰ পিচতে ৰুবুল আলীৰ ওপৰত আৰম্ভ হয় অকথ্য নিৰ্যাতন ৷ আনহাতে, লাল মাহমুদ খানে আঁতৰৰ পৰাই ফোনযোগে এই সমগ্ৰ ঘটনা পৰিচালনা কৰি থাকে ৷
অবশেষত দাবী কৰা ধন আদায় দিব নোৱাৰা বাবে চৰ, ঘোচা, লাঠী, ইটা আদিৰে উপৰ্যুপৰি আক্ৰমণ কৰি, গুৰিয়াই-লথিয়াই ৰুবুল আলীক নিৰ্দয়ভাৱে হত্যা কৰে ৷ পিচত অভিযুক্তকেইটাই ৰুবুলৰ মৃতদেহটো নৈৰ পাৰলৈ কঢ়িয়াই আনি ব্ৰহ্মপুত্ৰত পেলাই দি ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলায় । ইপিনে, ২০২২ বৰ্ষৰ ১৮ এপ্ৰিলত বহৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটত ৰুবুলৰ মৃতদেহটো উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা মৃতদেহটোৰ দাঁত ভগা আৰু দেহৰ সৰ্বত্ৰ আঘাতৰ চিহ্ন দেখি এয়া হত্যাকাণ্ড বুলি নিশ্চিত হয় আৰক্ষী । পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত উক্ত ছয় অভিযুক্তই হত্যাৰ কথা স্বীকাৰ কৰে ৷ বহৰিস্থ তাৰাবাৰী থানাৰ তদন্তকাৰী বিষয়াই ৯০ দিনৰ ভিতৰতে অভিযোগনামা দাখিল কৰে আৰু হত্যাকাণ্ডটোৰ ১ বছৰ ৫ মাহৰ ভিতৰতে ফাৰ্ষ্টট্ৰেক আদালতে দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে ৷ এই ৰায় প্ৰদানৰ কথা শুনি কান্দোনত ভাঙি পৰে পিতৃ-মাতৃ ৷ চাৰিগৰাকী কন্য়াৰ পিচত ঘৰখনৰ একমাত্ৰ পুত্ৰ সন্তান ৰুবুল হক চৌধুৰীৰ হত্যাৰ ঘটনাই শোকদগ্ধ কৰি ৰখা পৰিয়ালটোৰ লগতে স্থানীয় অঞ্চলবাসীয়ে আদালতৰ ৰায়ত লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক:Karimganj Murder Case: কৰিমগঞ্জ জিলা সত্ৰ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, তিনিজনক যাৱজ্জীৱন কাৰাদণ্ড