ETV Bharat / state

বৰপেটাত বাংলাদেশী বিচাৰি উলিয়াবলৈ ৰণজিত দাসক আহ্বান বাবুৰ - Singer Babu Baruah

বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত লাংলাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় লাংলা যুৱ সংঘৰ ৰূপালী জয়ন্তী উৎসৱ ৷ সংঘটোৰ ৰূপালী জয়ন্তী উৎসৱত জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱা আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ লগতে অঞ্চলটোৰ বিভিন্ন লোক উপস্থিত থাকে ৷

বৰপেটাত বাংলাদেশী বিচাৰি উলিয়াবলৈ ৰণজিত দাসক আহ্বান বাবুৰ

author img

By

Published : Jan 27, 2021, 6:54 AM IST

জনীয়া, 27 জানুৱাৰী: তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত লাংলাত উদযাপন কৰা হয় লাংলা যুৱ সংঘৰ ৰূপালী জয়ন্তী উৎসৱ ৷ ২৪ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ অনুষ্ঠিত কৰা ৰূপালী জয়ন্তী উৎসৱ অনুষ্ঠানটোত অঞ্চলটোৰ বিভিন্ন লোক উপস্থিত থকাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বাবু বৰুৱা উপস্থিত থাকে ৷ শেহতীয়াভাৱে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসে বৰপেটালৈ আহিলে বাংলাদেশলৈ অহা যেন লাগে বুলি কৰা মন্তব্য সন্দৰ্ভত বাবু বৰুৱালৈ সাংবাদিকৰ প্ৰশ্নত কন্ঠশিল্পী গৰাকীয়ে বৰপেটাত কিমান বাংলাদেশী আছে বিচাৰি উলিয়াবলৈ ৰণজিত দাসক আহ্বান জনায় ৷

বৰপেটাত বাংলাদেশী বিচাৰি উলিয়াবলৈ ৰণজিত দাসক আহ্বান বাবুৰ
বৰপেটাত বাংলাদেশী বিচাৰি উলিয়াবলৈ ৰণজিত দাসক আহ্বান বাবুৰ

উল্লেখ্য যে,ৰাইজৰ হৈ কাম কৰি অহা এই সংঘটোৰ ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি স্বচ্ছ অভিযান,গছপুলি ৰোপণ,খেল ধেমালি,গীত-মাতৰ লগতে মুকলি সভাৰো আয়োজন কৰা হয় ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক ৷ সাংসদ গৰাকীয়ে সুস্থ সমাজ গঠনত যুৱ সমাজক অগ্ৰণী ভূমিকা পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে সমাজ এখন আগুৱাই যাবলৈ শিক্ষাৰ বিকল্প নাই বুলিও দোহাৰে। ইয়াৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাৰ গীতৰে জীপাল হৈ পৰে ৰূপালী জয়ন্তী উৎসৱৰ সন্ধিয়া ৷

লগতে পঢ়ক: সাহিত্যিক ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.