ETV Bharat / state

Sikha Sarma on Ajmal: আজমলক বিজেপিয়ে ভোট বিচাৰিব নালাগে, নিজেই দিব: শিখা শৰ্মা

আজমলক ভোট বিচাৰিবলৈ যাব লাগে নেকি? আজমলে নিজেই বিজেপিক ভোট দি দিব । হিমন্ত বিশ্ব শৰ্মা এজন বুলড’জাৰ মন্ত্ৰী । এই বুলড’জাৰ মন্ত্ৰীজনৰ চকাত পাম দি আছে অসমৰ মুছলমানৰ শত্ৰু, নতুন হিন্দু বদৰুদ্দিন আজমলে। এই মন্তব্য শিখা শৰ্মাৰ ।

author img

By

Published : Jul 17, 2022, 10:04 PM IST

TMC leader Sikha Sarma
আজমলক বিজেপিয়ে ভোট বিচাৰিব নালাগে, নিজেই দিব: শিখা শৰ্মা

জনীয়া, 17 জুলাই: আজমলৰ ঘৰত ভোট বিচাৰিবলৈ যোৱাটো তেওঁলোকৰ ভুলেই হৈছে । আজমলক ভোট বিচাৰিবলৈ যাব লাগে নেকি? তেওঁ নিজেই বিজেপিক ভোট দি দিব । ভোট বিচাৰি গৈ আজমলৰ বিশ্বাসযোগ্যতা হেৰুৱাৰ নিচিনা হৈছে । ৰাষ্ট্ৰপতি নিৰ্বাচনত(President election 2022) এনডিএ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে বদৰুদ্দিন আজমলক আহ্বান জনোৱাৰ প্ৰসংগত এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ নেত্ৰী শিখা শৰ্মাৰ (TMC leader Sikha Sarma)।

ৰাজ্যসভাৰ নিৰ্বাচনতো আজমলৰ দলৰ ৭ জনে বিজেপিক ভোট দিয়া বুলি পুনৰ মন্তব্য কৰি তৃণমূলৰ নেত্ৰীগৰাকীয়ে কয় যে, এআইইউডিএফৰ বিধায়কে ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থীকে ভো়টদান কৰিব । কলগাছিয়াত তৃণমূল কংগ্ৰেছৰ এক যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে শিখা শৰ্মাই (Sikha Sarma at Kalgachia)।

ইফালে বদৰুদ্দিন আজমল হিন্দু বুলি কৈ হিন্দুৰ ঘৰলৈ বিজেপিৰ হিন্দুসকল যোৱাটো একো ডাঙৰ কথা নহয় বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে (Sikha Sarma on Badruddin Ajmal)। লগতে তেওঁ কয় যে, ৰাজনীতিৰ বাহিৰৰ হিন্দুখিনিয়ে আজমলক আদৰি নল’ব । ঠিক তেনেদৰে মুছলমান সমাজেও তেওঁক আদৰি নলয় । কাৰণ তেওঁ নিজে কৈছে তেওঁ হিন্দু । গতিকে ইছলাম ধৰ্মত তেখেত নাই । গতিকে ইছলাম ধৰ্মৰ মানুহেও তেওঁক অন্তৰৰ পৰা আদৰি নলয় । গতিকে আজমল হিন্দু, হিন্দুৰ ঘৰলৈ বিজেপি যাবই । কাৰণ বিজেপি হিন্দুত্ববাদী ।

আনহাতে, বুলড’জাৰেৰে ঘৰ ভঙা সম্পৰ্কত শিখা শৰ্মাই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সাম্প্ৰদায়িক মন্ত্ৰী নাই, তেওঁ এজন বুলড’জাৰ মন্ত্ৰী । এই বুলড’জাৰ মন্ত্ৰীজনৰ চকাত পাম দি আছে অসমৰ মুছলমানৰ শত্ৰু, নতুন হিন্দু বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক: Hindu Muslim harmony : হিন্দুৰ শ্মশানৰ বাবে মুছলমানে দান কৰিলে মাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.