ETV Bharat / state

বিদ্যুতৰ বিল আহিল ২০৬৫১ টকা; মূৰে কঁপালে হাত দিলে গৰাকীয়ে - বিদ্যুতৰ অত্যাধিক বিল অহা

বিদ্যুৎ বিভাগৰ ময়মতালিয়ে হাৰাশাস্তি কৰিছে সাধাৰণ জনতাক । মাহে মাহে বিদ্যুতৰ বিল পৰিশোধ কৰি থকাৰ পিচতো গ্ৰাহকৰ বিদ্যুতৰ বিল আহিল হাজাৰ হাজাৰ টকা ৷ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে ভুক্তভোগী গ্ৰাহক।

Shocking electricity bill
বিদ্যুৎ বিভাগৰ ময়মতালিয়ে হাৰাশাস্তি কৰিছে সাধাৰণ জনতাক
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 12:34 PM IST

বিদ্যুৎ বিভাগৰ ময়মতালিয়ে হাৰাশাস্তি কৰিছে সাধাৰণ জনতাক

জনিয়া, 15 ডিচেম্বৰ : ৰাজ্যত শেহতীয়াকৈ বিদ্যুতৰ অত্যাধিক বিল অহা বাতৰিয়ে সঘনে সংবাদ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ পুনৰ বৰপেটা জিলাৰ কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত বিদ্যুৎ বিভাগৰ ময়মতালিৰ বাবে মূৰে কঁপালে হাত দিবলগা হৈছে ভুক্তভোগী গ্ৰাহকে ৷ ভুক্তভোগী গ্ৰাহকগৰাকীৰ নাম আনোৱাৰা খাতুন ৷ এইবাৰ আনোৱাৰা খাতুনৰ ঘৰত বিদ্যুতৰ বিল আহিল 20651 টকা ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ বালিকুৰি এন চি গাঁৱত বাস কৰা আনোৱাৰা খাতুন নামৰ মহিলাগৰাকীৰ বাসগৃহত বিদ্যুৎ বিভাগৰ মিটাৰ চোৱাচিতা কৰা কৰ্মচাৰীয়ে বিদ্যুতৰ বিল নিদিয়াৰ বাবে ফোন পে’ৰ (PhonePay) জৰিয়তে বিদ্যুতৰ বিল পৰিশোধ কৰি আহিছিল । কিন্তু হঠাৎ আনোৱাৰা খাতুনৰ নামত থকা বিদ্যুতৰ বিলত 20651 টকা আহে ৷

ইফালে, মহিলাগৰাকীৰ পূৰ্বৰ মাহত বিদ্যুতৰ বিল আহিছিল 537 টকা ৷ তাৰ মাজতে হঠাৎ চলিত মাহত 20,651 টকা অহাত হতভম্ব হৈ পৰে পৰিয়ালটো । তাৰ পিচতে পৰিয়ালটোৱে বিদ্যুৎ উপ সংমণ্ডলৰ লগত যোগাযোগ কৰাত তেওঁলোকে 5,000 টকা কমকৈ ল’ব বুলি পৰিয়ালটোক অৱগত কৰে ৷

আনোৱাৰা খাতুনৰ পৰিয়ালৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি তেওঁলোকক বিদ্যুৎ বিভাগৰ ৰিডীং লোৱা লোকে বিদ্যুৎ বিভাগৰ বিল দিয়া নাই ৷ তাৰ পিচতো তেওঁলোকে ফোন পে’ৰ জৰিয়তে বিল পৰিশোধ কৰি আছিল ৷ এনেক্ষেত্ৰত ইমান টকাৰ বিদ্যুতৰ বিল কেনেদৰে আহিব পাৰে ?

ইয়াৰোপৰি ৰিডীং ল’বলৈ অহা তাৰিফুল ইছলাম নামৰ লোকজনে সেই গাঁৱৰ কেইবাজনো লোকৰ বিদ্যুতৰ বিলৰ টকা জমা দিয়াৰ নামত ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপিত হৈছে । বিদ্যুৎ বিভাগে নিজা ময়মতালিৰে এনেদৰে বিল প্ৰদান কৰা বন্ধ নকৰিলে দুখীয়া ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব বুলি মন্তব্য কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক: পুৰণিক বিদায় আৰু নতুনক আদৰাৰ প্ৰস্তুতিত সুৰাপান কৰিবলৈ গৈ বিপদ চপাই নল’ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.