ETV Bharat / state

মই এজন মিঞা: শ্বেৰমান আলী আহমেদ - মই এজন মিঞা: শ্বেৰমান আলী আহমেদ

"মই এজন মিঞা, মই এজন অসমীয়া, মই অসমৰ এজন মিঞা জনগোষ্ঠীৰ লোক হওঁ,মই নিজকে মিঞা বুলি পৰিচয় দি গৌৰৱবোধ কৰো" ৷ এইদৰে কোনে আৰু কিয় ক’লে ?

Sherman ali ahmed in a public meeting jania barpeta assam etv bharat news
শ্বেৰমান আলী আহমেদ
author img

By

Published : Oct 29, 2020, 5:18 PM IST

জনীয়া,29 অক্টোবৰ: মিঞা সংগ্ৰহালয় স্থাপন সন্দৰ্ভত বিতৰ্ক সৃষ্টি কৰা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক এইবাৰ দেখা গ’ল জনসভাত ৷ কিছুদিন পূৰ্বে বিধায়কগৰাকীয়ে মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী উত্থাপন কৰিছিল ৷ বিধায়কগৰাকীৰ এই মন্তব্য প্ৰকাশৰ পিছতে প্ৰতিবাদত উত্তাল হৈ পৰিছিল সমগ্ৰ ৰাজ্য ৷

শ্বেৰমান আলী আহমেদৰ বিতৰ্কিত মন্তব্য়

শেহতীয়াকৈ বাঘবৰৰ বিধায়কগৰাকীয়ে জনসভাত অংশগ্ৰহণ কৰি ৰাইজক মিঞা সংগ্ৰহালয় স্থাপন সন্দৰ্ভত ঐক্যবদ্ধ কৰিবলৈ বদ্ধ পৰিকৰ হোৱা দেখা যায় ৷ বুধবাৰে সমষ্টিটোৰ এক জনসভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে উপস্থিত ৰাইজৰ মাজত নিজকে মিঞা বুলি পৰিচয় দিবলৈ শপতবাক্য পাঠ কৰোৱায় ৷ লগতে মিঞাসকলক অসমৰ জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম বুলি বিধায়কগৰাকীয়ে দাবী কৰে ৷ উক্ত সভাত উপস্থিত ৰাইজে বিধায়কগৰাকীৰ সৈতে একেমুখে উচ্চাৰণ কৰে এই শপতবাক্য় ৷ বিধায়ক শ্বেৰমান আলী আহমেদৰ এনে কাৰ্যই শেহতীয়াকৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ ইতিমধ্যে বাঘবৰৰ একাংশ লোকে বিধায়কগৰাকীৰ বিৰুদ্ধে আৰম্ভ কৰিছে তীব্ৰ প্ৰতিবাদ ৷

লগতে চাওকঃ শিৱসাগৰ নগৰৰ মাজমজিয়াত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.