ETV Bharat / state

Bajali police demanding money case: আদালতত হাজিৰ কৰা‌ হ’ব তদানীন্তন এ এছ পি গায়ত্ৰী সোণোৱাল সহ ৭ জনক

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:32 PM IST

মঙলবাৰে পুনৰ বজালীত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই তালাচী চলায় । এই অভিযানত CID য়ে গ্ৰেপ্তাৰ হোৱা তদানীন্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাইৰ লেপটপ আৰু চুপাৰি ব্যৱসায়ীৰ পৰা লোৱা ২৩ খন চেক জব্দ কৰে ৷

Bajali police demanding money case
আদালতত হাজিৰ কৰা‌ হ'ব গায়ত্ৰী সোণোৱাল সহ ৭ জনক

গুৱাহাটী, 5 ছেপ্টেম্বৰ : বজালীৰ ধন দাবীকাণ্ডত গ্ৰেপ্তাৰ হোৱা বজালীৰ তদানীন্তন এ এছ পি গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী ববি সিং শৰ্মাৰ লগতে ধন দাবীকাণ্ডত নাম সাঙোৰ খাই পৰা ধৃত দালাল কিশোৰ বৰুৱা, ভৱানীপুৰ আৰক্ষী চকীৰ SI দেৱজিৎ গিৰি, গায়ত্ৰী সোণোৱালৰ দেহৰক্ষী ইনজামামুল হাছান, আৰক্ষী অধীক্ষকৰ গাড়ী চালক দীপজয় কলিতা, হোমগাৰ্ড নাবীৰ আহমেদক চি আই ডিয়ে অহা 6 ছেপ্টেম্বৰ তথা বুধবাৰে আদালতত হাজিৰ‌ কৰিব। ইফালে যোৱা সোমবাৰে গ্ৰেপ্তাৰ হোৱা বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই , উপ আৰক্ষী অধীক্ষক পুষ্কল গগৈক পাঁচদিনৰ বাবে CID ৰ জিম্মাত আছে।

ইয়াৰ সমান্তৰালকৈ মঙলবাৰে পুনৰ বজালীত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই তালাচী চলায় । এই অভিযানত তদানীন্তন বজালীৰ SP সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ লেপটপ উদ্ধাৰ কৰিছে অভিযানকাৰী দলটোৱে । CID য়ে ২০ খন চেক আৰু ১০ লাখ টকা বিচাৰি এই অভিযান চলাইছিল। চুপাৰি ব্যৱসায়ীৰ এজাহাৰৰ ভিত্তিতেই CID য়ে তদন্ত কৰিছিল । অৱশেষত গ্ৰেপ্তাৰ হোৱা আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ লেপটপ আৰ চুপাৰি ব্যৱসায়ীৰ পৰা লোৱা ২৩ খন চেক জব্দ কৰে CID ৰ দলটোৱে।

ইয়াৰ পিচতে SP সিদ্বাৰ্থ বুঢ়াগোহাঁইৰ অতি ঘনিষ্ঠ দালাল চহিদুল ইছলামক বিচাৰি অভিযান অব্যাহত ৰাখিছে CID য়ে। বৰ্তমানো অতি ৰহস্যজনকভাৱে গ্ৰেপ্তাৰ হোৱা নাই চহিদুল ইছলাম। জানিব পৰামতে বহু নেতা মন্ত্ৰীৰ লগতো ঘনিষ্ঠ চহিদুল। যাৰ আশীৰ্বাদতেই চহিদুলে ৰবিউলৰ লগত মিলি চলাই গৈছিল বিশাল বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেট। চুপাৰিৰ মাজতেই মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰাৰো অভিযোগ ৰবিউল, চহিদুলৰ বিৰুদ্ধে। কিন্তু কি এনে ৰহস্যজনক কাৰণত এতিয়াও CID ৰ জালত পৰা নাই চহিদুল ইছলাম।

উল্লেখ্য যে, বজালীৰ ধন দাবীকাণ্ডত গ্ৰেপ্তাৰ হৈছিল বজালীৰ তদানীন্তন এ এছ পি গায়ত্ৰী সোণোৱাল আৰু তেওঁ স্বামী ববি সিঙ শৰ্মাক । ইপিনে ধন দাবীকাণ্ডত নাম সাঙোৰ খাই পৰা দালাল কিশোৰ বৰুৱাকো গ্ৰেপ্তাৰ কৰা হয় । অভিযোগ অনুসৰি আৰক্ষীয়ে দাবী কৰা ধন কিশোৰ বৰুৱাই চুপাৰি ব্যৱসায়ী ৰবিউলৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰিছিল আৰক্ষীক ৷

লগতে পঢ়ক: Sivasagar murder case: যেতিয়া পৰিয়ালেই ঘাতক হয়; পত্নী, পুত্ৰ, কন্যাই হত্যা কৰিলে লোকক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.