ETV Bharat / state

বৰপেটাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অধিবেশন আৰম্ভ - অসম উন্নয়ন নিগমৰ অধ্যক্ষ

বৰপেটা বিধানসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱা বাবে সমষ্টিটো খিলঞ্জীয়াৰ হাতত থাকিব বুলি মন্তব্য় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ উপদেষ্টা দীপক দাসৰ ।

Anusuchita jati Yuba Chatra Parishad
অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অধিবেশন
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 8:16 PM IST

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অধিবেশন

বৰপেটা ১০ ডিচেম্বৰ: বৰপেটাত আৰম্ভ হৈছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন । জিলাখনৰ বৰপেটা ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠানৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে এই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনখনি । অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম আৰু বৰপেটা জিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই দ্বি-বাৰ্ষিক অধিৱেশনখনি ।

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অসম উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাস আৰু বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসেও অংশ গ্ৰহণ কৰে ৷ তেওঁলোকে অনুসূচিত জাতিৰ উন্নয়ণৰ ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহিব লাগিব বুলি কয় । চৰকাৰেও অনুসূচিত জাতিৰ লোকৰ উন্নয়নৰ বাবে আৰু অধিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য় কৰে ।

ইপিনে, অনুসূচিত জাতিৰ সামগ্ৰীক উন্নয়ন সমবিকাশ-সমাধিকাৰৰ উন্নয়নৰ মানসেৰে গঢ়ি উঠা এই অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ উপদেষ্টা দীপক দাসে সমূহ আমন্ত্ৰিত অতিথি সকলক সত্ৰ নগৰী বৰপেটাত অনুষ্ঠিত এই অনুষ্ঠানলৈ আদৰণী জনায় ।

অভ্যৰ্থনা সমিতিৰ উপদেষ্টা দীপক দাসে কয় যে বৰপেটা বিধানসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱা বাবে এইবাৰ বৰপেটা বিধানসভা সমষ্টিটো খিলঞ্জীয়াৰ হাতত থাকিব আৰু এইটো বৰপেটা বাসীৰ বাবে শুভ বাৰ্তা । অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনত আজি মুকলি সভাৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয় ৷ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ নতুন সমিতি এখনো গঠন কৰা হয় ৷

লগতে পঢ়ক:৬০ বছৰীয়া পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত ষাঁড় যুঁজৰ অনুমোদন দিবলৈ আহ্বান বালিকুৰিবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.