ETV Bharat / state

MP Bhubaneswar Kalita at Barpeta: বৰপেটাত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সজাগতা সভা

author img

By

Published : Dec 9, 2022, 10:22 PM IST

বৰপেটাত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সজাগতা সভাত সাংসদ ভূৱনেশ্বৰ কলিতাৰ অংশগ্ৰহন(MP Kalita at senior citizen awarness programme) ৷ জ্যেষ্ঠ নাগৰিকৰ সামাজিক অধিকাৰ ৰক্ষা, আৰ্থিক নিৰাপত্তা, স্বাস্থ্য ৰক্ষা আদি প্ৰতিটো ক্ষেত্ৰতে চৰকাৰে গ্ৰহন কৰা আঁচনি সম্পৰ্কে ৰাইজক অৱগত কৰে সাংসদ কলিতাই ।

MP Kalita at senior citizen awarness programme
বৰপেটাত সাংসদ ভূৱনেশ্বৰ কলিতা

বৰপেটা,৯ ডিচেম্বৰ: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ আৰু বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটাত আজি অনুষ্ঠিত হয় জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সজাগতা সভা । পৰিষদৰ অধ্যক্ষ ড৹ প্ৰদীপ ঠাকুৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি সাংসদ ভূৱনেশ্বৰ কলিতাই জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে বেচৰকাৰী সংস্থাসমূহে গ্ৰহণ কৰা আচনিবোৰৰ বিষয়ে অৱগত কৰে(MP Kalita at senior citizen awarness programme) ।

বৰপেটাত সাংসদ ভূৱনেশ্বৰ কলিতা

সাংসদ কলিতাই জ্যেষ্ঠ নাগৰিকৰ সামাজিক অধিকাৰ ৰক্ষা, আৰ্থিক নিৰাপত্তা, স্বাস্থ্য ৰক্ষা আদি প্ৰতিটো ক্ষেত্ৰতে চৰকাৰে গ্ৰহন কৰা আঁচনি সম্পৰ্কেও বক্তব্য প্ৰদান কৰে(MP Bhubaneswar Kalita) । ইপিনে জ্যেষ্ঠ নাগৰিকসকলে যাতে জীৱনটো উপভোগ কৰিব পাৰে তাৰ বাবে চৰকাৰে ৰূপায়ণ কৰা আঁচনিবোৰৰ লাভ আদায় কৰিবলৈও আহ্বান জনায়(senior citizen awarness programme) ।

আনহাতে জ্যেষ্ঠ নাগৰিকৰ যিকোনো অসুবিধাত সহায় কৰিব পৰাকৈ চৰকাৰে ১৪৫৬৭ নম্বৰৰ হেল্পলাইন নম্বৰ এটা মুকলি কৰা বুলি প্ৰকাশ কৰে । এই বিনামূলীয়া নম্বৰটোত ফোন কৰি জ্যেষ্ঠ নাগৰিসকলে সন্মুখীন হোৱা যিকোনো সমস্যাৰ বাবে সহায় বিচাৰিব পাৰে বুলিও মন্তব্য কৰে ড৹ প্ৰদীপ ঠাকুৰীয়াই ৷ বৰপেটাৰ বহু সংখ্যক সমাজকৰ্মীয়ে অংশ লোৱা সজাগতা সভাখনত বৰপেটা জিলাৰ বহুকেইগৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক: RSS chief Mohan Bhagwat to visit Assam: আহি আছে আৰএছএছ প্রধান মোহন ভাগৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.