ETV Bharat / state

জনীয়াত প্ৰশাসনে ছীল কৰা ইটাভাতাত কাম চলাই থকাৰ অভিযোগ

author img

By

Published : Oct 9, 2022, 8:33 PM IST

প্ৰশাসনে ছীল কৰা জনীয়াৰ এ আই বি ইটা উদ্যোগত কাম চলাই থকাৰ অভিযোগ (sealed brick industry alleged operating Jonia) । এই অভিযোগ ইটা উদ্যোগটোৰ স্বত্বাধিকাৰী ইছমাইল হুছেইনৰ বিৰুদ্ধে । চলিত বৰ্ষৰ ৩১ মে' তাৰিখে জনীয়াৰ ছালেহকুৰাত অবৈধভাৱে গঢ়ি উঠা ইটাভাতা ছীল কৰিছিল বৰপেটা জিলা প্ৰশাসনে (brick industry sealed by Barpeta administration) । ইটা উদ্যোগটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰাৰ দাবী ।

Jonia
Jonia

জনীয়া, ৯ অক্টোবৰ : বৰপেটা জিলাৰ জনীয়াৰ ছালেহকুৰাৰ পথাৰত ২০১৮ চনত গঢ়ি উঠিছিল AIB ইটা উদ্যোগ । স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বৰপেটা জিলা প্ৰশাসনে কৰা তদন্তৰ অন্তত AIB ইটা উদ্যোগ অবৈধ বুলি ঘোষণা কৰি চলিত বৰ্ষৰ ৩১ মে' তাৰিখে ছীল কৰিছিল (brick industry sealed by Barpeta administration) ।

তাৰ পিছৰে পৰা ইটা উদ্যোগটো বন্ধ হৈ আছিল । কিন্তু চলিত সপ্তাহটোত AIB ইটা উদ্যোগৰ স্বত্বাধিকাৰী ইছমাইল হুছেইনে দুৰ্গা পূজাৰ বন্ধৰ সুযোগ গ্ৰহণ কৰি প্ৰশাসনে ছীল কৰা ইটা উদ্যোগত শ্ৰমিক নিয়োগ কৰি কাম চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মাটিৰ স্বত্বাধিকাৰী ইঞ্চু মিঞাৰ লগতে স্থানীয় ৰাইজে (sealed brick industry alleged operating in Jonia) ।

জনীয়াত প্ৰশাসনে ছীল কৰা ইটাভাতাত কাম চলাই থকাৰ অভিযোগ

ইয়াৰ উপৰি এই ইটা উদ্যোগটোৰ বাবেই চাৰিওপাশে থকা খেতি-মাটি নষ্ট হোৱাৰ লগতে বায়ু প্ৰদূষিত হোৱাৰ অভিযোগ উত্থাপন কৰি ইটা উদ্যোগটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰাৰ বাবেও দাবী জনায় মাটিৰ স্বত্বাধিকাৰী ইঞ্চু মিঞাৰ লগতে ৰাইজে (demand for abolition of brick industry) ।

উক্ত বিষয় সন্দৰ্ভত ইতিমধ্যে মাটিৰ স্বত্বাধিকাৰী ইঞ্চু মিঞাই বৰপেটা জিলা প্ৰশাসনক এক অভিযোগ দাখিল কৰিছে বুলিও জানিবলৈ দিয়ে । উক্ত বিষয় সন্দৰ্ভত বৰপেটা জিলা প্ৰশাসনে কি ব্যাৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :নামাজ পঢ়াৰ চলেৰে দিন দুপৰতে মছজিত চোৰৰ লুটপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.