বৰপেটা, 25 অক্টোবৰ : বৰপেটা সত্ৰ(Barpeta Satra)ত ভূমিকম্প(Earthquake)ৰ জোকাৰণি ! ভূমিকম্পৰ ফলত সত্ৰৰ কীৰ্তনঘৰত আহত হয় ভকত ৷ সত্ৰৰ প্ৰায় সংখ্যক ভকতৰ নিৰাপদে উদ্ধাৰ কৰা হয় ৷ ভূমিকম্পৰ ফলত সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত থকা কেইবাগৰাকীও ভকত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷
অৱশ্যে কীৰ্তনঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰা ভকতসকলক ভূমিকম্পৰ পাচতে বৰপেটা সত্ৰত উপস্থিত হোৱা উদ্ধাৰকাৰী এছ ডি আৰ এফ(SDRF)ৰ দলে নিৰাপদে উদ্ধাৰ কৰে ৷ লগতে যাৱতীয় চিকিৎসা প্ৰদান কৰে ভকতসকলক ৷ সোমবাৰে পুৱাৰ ভাগত বৰপেটা সত্ৰত দেখা গ’ল ভূমিকম্পজনিত পৰিস্থিতিক লৈ ভকতৰ লৰা-ঢপৰা ৷
দৰাচলতে এয়া প্ৰকৃতাৰ্থত ভূমিকম্প নহয় ৷ যিকোনো প্ৰাকৃতিক আপাতকালীন সময়ত ল’বলগীয়া সাৱধানতা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বৰপেটা সত্ৰত SDRF বাহিনীয়ে অনুষ্ঠিত কৰে এক মকড্ৰিল(Mock Drill) কাৰ্যসূচী ৷ গুৱাহাটীৰ পৰা অহা এছ ডি আৰ এফৰ 1 নং বেটালিয়নৰ জোৱানসকলে বৰপেটা সত্ৰত ভূমিকম্পজনিত পৰিস্থিতি মোকাবিলা আৰু তাৰ পাচত ল’ব লগা সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ৰাইজৰ মাজত সজাগতাৰ প্ৰয়াসেৰে অংশগ্ৰহণ কৰে এই মকড্ৰিলত ৷
ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত ৰাজ্যখনত ভূমিকম্পৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা আৰু সজাগতাৰ বাবে চলাই থকা অভিযানৰ অংশ হিচাপে সত্ৰত মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ বৰপেটা সত্ৰৰ লগতে বৰপেটা চহৰৰ কেইবাটাও স্থানতো এছ ডি আৰ এফ জোৱানসকলে মকড্ৰিল কাৰ্যসূচীত ভাগ লোৱা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক: দীপাৱলীৰ বজাৰত বৰ্ধিত মূল্যৰ প্ৰভাৱ