ETV Bharat / state

ধৰ্মীয় অনুষ্ঠান ধংস কৰাৰ ভাবুকিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাত

ধৰ্মীয় অনুষ্ঠান ধংস কৰাৰ ভাবুকিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাত ৷ পথ বহলিকৰণৰ বাবে বৰপেটাৰোডৰ বাহবাৰী গাঁৱৰ 50 বছৰ পুৰণি মন্দিৰ এটাৰ দেৱাল সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ভাঙিবলৈ দিয়া নিৰ্দেশক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে কোচ ৰাজবংশী ছাত্ৰ সন্থা ৷

ধৰ্মীয় অনুষ্ঠান ভাঙি দিয়াৰ হুংকাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাত
author img

By

Published : Sep 12, 2019, 6:48 AM IST

বৰপেটা, 11 ছেপ্তেম্বৰঃ ধৰ্মীয় অনুষ্ঠান ধংস কৰাৰ ভাবুকিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাত ৷ পথ বহলিকৰণৰ বাবে বৰপেটাৰোডৰ বাহবাৰী গাঁৱৰ 50 বছৰ পুৰণি মন্দিৰ এটাৰ দেৱাল সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ভাঙিবলৈ দিয়া নিৰ্দেশক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে কোচ ৰাজবংশী ছাত্ৰ সন্থা ৷ ৰাইজৰ মতৰ বিৰুদ্ধে গৈ মন্দিৰৰ দেৱাল ভঙাৰ বাবে নিৰ্দেশনা দিলে চক্ৰ বিষয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ল'ব বুলিও হুংকাৰ দিছে ছাত্ৰ সংগঠনটোৱে ৷ স্থানীয় ৰাইজৰ মতে, উক্ত স্থানত পূৰ্বতে কোনো পথ নাছিল ৷ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে মন্দিৰ কৰ্তৃপক্ষই পথৰ বাবে ঠাই এৰি দিছিল যদিও এতিয়া আৰু পথ বহল কৰাক লৈ জাঙুৰ খাই উঠিছে ৰাইজ ৷ বাহবাৰীৰ এই দুৰ্গা মন্দিৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ স্থানীয় ৰাইজ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই চৰকাৰক আহ্বান জনাইছে ৷

Intro: সময়ত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে হিন্দু সকলৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান সংৰক্ষণৰ শ্লোগান দি আহিছে সেই সময়তে চৰকাৰৰ বিষয়াই বৰপেটাৰোডৰ বাহবাৰীৰ এখন ধৰ্মীয় অনুষ্ঠান ভাঙি দিয়াৰ হুংকাৰ দিয়া ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷Body:বাহবাৰীৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰসেন বৰ্মনৰ অভিযোগ অনুসৰি বাহবাৰী গাৱত বিগত পঞ্চাশ বছৰ ধৰি চলিথকা মন্দিৰৰ মন্দিৰৰ দেৱাল মন্দিৰ পৰিচালনা সমিতিয়ে নতুনকৈ নিৰ্মাণ কৰাৰ পাছত মন্দিৰৰ কাষেদি যোৱা এটি গাৱলীয়া পথৰ বহল কম হোৱাৰ বাবে মন্দিৰৰ দেৱাল ভাঙি দিবলৈ সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই নিৰ্দেশ দিয়াত বাহবাৰীৰ ৰাইজ জাঙুৰ খাই উঠিছে ৷ বাহবাৰীৰ এই দুৰ্গা মন্দিৰৰ কোনো ধৰণৰ ক্ষতি হবলৈ নিদিয়ে বুলি সৰুপেটা ৰাজহ চক্ৰ বিষয়াক সকীয়াই দিছে স্হানীয় ৰাইজৰ লগতে কোচৰাজবংশী ছাত্ৰ সন্হাই ৷ স্হানীয় ৰাইজৰ মতৰ বিৰুদ্ধে গৈ মন্দিৰৰ দেৱাল ভঙাৰ বাবে নিৰ্দেশনা দিলে চক্ৰ বিষয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী লব বুলিও হুংকাৰ দিছে কোচৰাজবংশী ছাত্ৰ সংগঠনটোৱে ৷ বাহবাৰীৰ স্হানীয় ৰাইজে বুধবাৰে সংবাদ মাধ্যমক জনোৱা মতে উক্ত স্হানত পুৰ্বে কোনো পথ নাছিল ৷ বাহবাৰীৰ এই দুৰ্গা মন্দিৰ কাষত ৰাইজৰ যাতায়াতৰ বাবে ছয় ফুট মাটি এৰি দি দেৱাল নিৰ্মাণ কৰাৰ লগতে মন্দিৰৰ কাষত সম্প্ৰতি বসতি স্হাপন কৰা লোকসকলেও পথছোৱাৰ বাবে চাৰি ফুট মাটি এৰি দিয়াত উক্ত পথছোৱাটো বৰ্তমান ১০ ফুট বহল হৈছে ৷Conclusion:কিন্তু সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সান্তনা বৰাই উক্ত পথছোৱা ১৮ ফুট বহল কৰিবলৈ মন্দিৰ কৰ্তৃপক্ষক ধমকি দি মন্দিৰৰ দেৱাল ভাঙিবলৈ নিৰ্দেশনা দিয়াত স্হানীয় ৰাইজৰ লগতে কোচৰাজবংশী ছাত্ৰ সন্হাই ক্ষোভিত হৈ পৰিছে ৷ হিন্দুৰ সুৰক্ষাৰ স্বাৰ্থত এই চৰকাৰখনে কাম কৰি অহা বুলি সততে জাহিৰ কৰি ফুৰা বিজেপি চৰকাৰৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা বাহবাৰীৰ এই দুৰ্গা মন্দিৰৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ স্হানীয় ৰাইজ আৰু কোচৰাজবংশী ছাত্ৰ সন্হাই চৰকাৰক আহ্বান জনাইছে ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
Date 11.09.19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.